সমাগত দীপাৱলী, নলবাৰীত মৃৎ শিল্পীৰ ব্যস্ততা

নলবাৰীঃ অসমৰ গ্ৰাম্য অৰ্থনীতি তথা সামাজিক জীৱন যাত্ৰাৰ অন্যতম আহিলাসমূহৰ ভিতৰত মাটিৰ বাচন অন্যতম। মাটিৰ বাচন তৈয়াৰ কৰি অসমৰ চুকে-কোণে থকা মৃৎ শিল্পক জীয়াই ৰখাৰ সংগ্ৰামত ব্যস্ত হীৰা শিল্পীসকলে বিভিন্ন অসুবিধাৰ বাবে লাহে লাহে এতিয়া মাটিৰ বাচন তৈয়াৰ কৰিবলৈ বাদ দিছে৷ তাৰ মাজতে নলবাৰী জিলাৰ বাহঁজানীৰ চৰিয়া আৰু কুলবিল গাঁৱত দিন ৰাতি একাকাৰ কৰি সমাগত দেৱালীৰ বাবে ১০ লক্ষ মাটিৰ চাকি সাজু কৰিছে মৃৎ শিল্পীসকলে৷ 

চৰিয়া গাঁৱৰ উপেন দাস, নাৰায়ন দাস, বিহুৰাম দাস, প্ৰফুল্ল দাস, দীনেশ দাস, বিনন্দ দাস, মহেশ দাস, কনক দাস, কৰ্ণ দাস, হৰিণ দাস, ধনেশ্বৰ দাস, দমহু দাস আদি লোক সকলে এই শিল্পটোৰ লগত জড়িত থাকি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে। বিশ্বকৰ্মা পূজাৰ পৰাই লাখ লাখ চাকি, ধূপবাটি, টেকেলি, কুমাৰী চৰু ইত্যাদি পূজাত প্ৰয়োজন হোৱা মাটিৰ বাচন নিৰ্মাণত ব্যস্ত হৈ পৰে এইসকল শিল্পীয়ে। ইতিমধ্যে বিভিন্ন উৎসৱ পাৰ্বনত ব্যৱহৃত বাচন-বৰ্তন নিৰ্মাণ সম্পূৰ্ণ কৰিছে মৃৎ শিল্পীয়ে। 

মৃৎ শিল্পক জীৱন নিৰ্বাহৰ আহিলা হিচাপে গ্ৰহণ কৰি এওঁলোকে আজ্ঞাঠুৰী অঞ্চলৰ পৰা মাটি ক্ৰয় কৰি আনি বছৰটোৰ বাবে ঘৰৰ নিকটতে গাঁতত পুতি থৈ সেই মাটিৰে বাচন তৈয়াৰ কৰি মাহেকত কেইবাহাজাৰ টকা উপাৰ্জন কৰি আহিছে। ইয়াৰ উপৰি বছৰৰ সকলো সময়তে বিভিন্ন মৃৎ সামগ্ৰী তৈয়াৰ কৰে আৰু সেইবোৰ ভাৰ বান্ধি গাঁৱে-ভূঁঞে, বজাৰে বজাৰে বিক্ৰী কৰিবলৈ যায়। উল্লেখ্যযোগ্য যে, বছৰৰ মাত্ৰ দুটা সময়ত অৰ্থাৎ দেৱালীৰ সময়ত মাটিৰ চাকি আৰু মাঘ বিহুৰ সময়ত চৰু, টেকেলি, কাটা, কলহ ইত্যাদি ধৰি বিভিন্ন সামগ্ৰীৰ বজাৰ ভাল হয়। 

দেৱালীৰ সময়ত  প্ৰতি পৰিয়ালে ১০-১২ হেজাৰ মাটিৰ চাকি প্ৰস্তুত কৰাৰ উপৰি মাঘৰ বিহুৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। বৰ্তমান প্লাষ্টিক, ষ্টীল, ছিলভাৰকে ধৰি বিভিন্ন ধাতুৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ পয়োভৰে বজাৰ দখল কৰাত মৃৎ শিল্পী সকলৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে যদিও শিল্পীসকলে থমকি ৰোৱা নাই। নৱপ্ৰস্তৰ যুগৰ পৰা কীৰ্তি বহন কৰা উক্ত মৃৎ শিল্পটোক জীয়াই ৰখাৰ কঠোৰ সংগ্ৰাম কৰি থকা শিল্পী সকলে আজিলৈ লাভ নকৰিলে চৰকাৰী সুবিধা। 

উক্ত শিল্পটোৰ লগত জড়িত থাকি এওঁলোকে নিজৰ পৰিয়ালটো চলাই সুকলমে জীৱন-নিৰ্বাহ কৰাৰ উপৰি সন্তানক পঢ়ুৱাই স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে৷ বিশেষকৈ জিলাখনৰ দুখন গাঁও চৰিয়া আৰু কুলবিলৰ দুখীয়া মৃৎ শিল্পীয়েই ইতিমধ্যেই ১০ লক্ষৰ অধিক মাটিৰ চাকি তৈয়াৰ কৰিছে। তদুপৰি মন্দিৰত জ্বলোৱা চাকি নিৰ্মাণ কৰা, ধূপদানি, বিহুৰ সময়ত গাখীৰৰ কলহ বনোৱা, মলা চৰু, বিয়াৰ জোৰোণত দিয়া দৈ টেকেলি, ঘট টেকেলি, দোৱলি বনোৱা আদি কামত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰি আহিছে গাঁওখনৰ হীৰা সকলে। 

বৰ্তমান সময়ত পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰে জনজীৱনলৈ অশানি সংকট নমাই অনাৰ সময়ত মৃৎ শিল্পই উল্লেখনীয় ভূমিকা গ্রহণ কৰিব। কিয়নো প্লাষ্টিক কাপৰ পৰিৱৰ্তে মাটিৰ কাপ আৰু বাচন বৰ্তন ব্যৱহাৰ কৰি মৃত শিল্পক উন্নত পৰ্য্যায়লৈ আনি এই সাধাৰণ লোকসকলৰ জীৱন যাত্রাৰ কাৰণে যদি এক পদক্ষেপ চৰকাৰে গ্রহণ কৰি মৃত শিল্পক উজ্জীৱিত কৰে তেনেহ'লে দেশৰ প্রগতিত কিছু হ'লেও উন্নতি হ'ব বুলি ক'ব পাৰি৷ 

চৰিয়া গাঁৱৰ প্ৰধানতঃ হীৰা সম্প্ৰদায়ৰ লোক সকল মৃৎ শিল্পৰ লগত জড়িত। ইয়াৰ প্ৰধান কেঁচামাল হ’ল হীৰা মাটি। বিভিন্ন নিত্য ব্যৱহাৰ্য্য সামগ্ৰী যেনে কলহ, চাকি, ধুনাদানি আদিৰ উপৰিও চালে চকুৰোৱা পুতলা, শৰাই, বঁটা আদি তৈয়াৰ কৰি উলিয়ায় এই শিল্পীসকলে। তাৰোপৰি এওঁলোকে মাটিৰদ্বাৰা “শিকাৰ” নামৰ এবিধ বিশেষ খাদ্য তৈয়াৰ কৰে। এই খাদ্যবিধ গৰ্ভৱতী তিৰোতাক খাবলৈ দিয়া হয়। তেওঁলোকৰ মতে শিকাৰ ভিজোৱা পানী খালে বায়ুচৰা ৰোগৰ পৰাও আৰোগ্য লাভ কৰিব পাৰি। 

এই শিল্পীসকলৰ এটা প্ৰধান উৎসৱ হ’ল পুতলা বিয়া। বহাগ বিহুৰ দ্বিতীয় দিনা এই উৎসৱ পালন কৰা হয়। বেলেগ বেলেগ দুঘৰ মানুহৰ এঘৰত মাটিৰে সজা পুতলা দৰা আৰু আনঘৰত মাটিৰ কইনা সজাই হিন্দুসকলৰ বিবাহ পদ্ধতিৰে বহাগ বিহুৰ শেষৰ দিনা এই বিবাহ সমাপন কৰা হয়। 

মৃৎ শিল্পীসকলে জনোৱা মতে মাটিৰ চাকিৰ লগতে প্ৰতিবিধ সামগ্ৰী সাজিবলৈ তেওঁলোকে বিভিন্ন ঠাইৰ পৰা মাটি ক্ৰয় কৰিব লগা হয়৷ পূৰ্বৰ তুলনাত মাটিৰ দাম বৃদ্ধি হোৱাৰ উপৰি যাতাযাতৰ খৰচো বৃদ্ধি হৈছে৷ সেই অনুসাৰে শিল্পীসকলে তৈযাৰ কৰা সামগ্ৰী সমুহৰ দাম বৃদ্ধি হোৱা নাই৷ তাৰ ফলত মৃৎ শিল্পীসকলে উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে৷