দীপান্বিতাৰ প্ৰাক ক্ষণত ব্যস্ততা বাঢ়িছে মৃৎশিল্পীৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ ৰাজ্যৰ সৰ্বপ্ৰান্ততে অত্যাৱশ্যকীয় সামগ্ৰীৰ সীমাহীন মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুওৱাৰ সময়তে কিন্তু পোহৰৰ উৎসৱ দীপান্বিতাই কঢ়িয়াই আনিছে মৃৎশিল্পীসকললৈ ক্ষন্তেকৰ বাবে হ’লেও আশাৰ বতৰা৷ কাৰণ, বছৰৰ আন সময়ছোৱাতকৈ দীপান্বিতাৰ সময়ত মাটিৰ চাকি, মলা, ধূনাবাতিৰ চাহিদা অধিক হোৱা দেখা যায়৷ ঘাইকৈ ব্যাপক হাৰত বিক্ৰী হয় হাজাৰ হাজাৰ মাটিৰ চাকি৷ গতিকে এই সময়খিনিত অধিক ব্যস্ততা বাঢ়ে মৃৎ শিল্পৰে জীৱিকা নিৰ্বাহ কৰা লোকসকলৰ৷ মূৰ তুলি চাবলৈকো আহৰি নাথাকে এইসকলৰ৷ 

আনহাতে একাংশ মৃৎশিল্পীয়ে দুখেৰে প্ৰকাশ কৰা মতে তেঁওলোকে বছৰৰ সকলো সময়তে মৃৎ পাত্ৰ তৈয়াৰ কৰাত ব্যস্ত থাকে যদিও দিনকদিনে মৃৎ পাত্ৰৰ ব্যৱহাৰ হ্ৰাস পাই অহাত এনে জীৱিকাৰে পৰিয়াল পোহ-পাল দিয়াটো যথেষ্ট কষ্টসাধ্য হৈ পৰিছে৷ বছৰৰ মাত্ৰ দীপাৱলীৰ সময়ত মাটিৰ চাকি আৰু ভোগালী বিহুৰ সময়তহে মাটিৰ টেকেলী, চৰু আদিৰ বজাৰ ভাল হয়৷ কাজেই, উপৰিপুৰুষৰ দিনৰ বৃত্তিটোক সাৱটি ৰাখি চৰম দাৰিদ্ৰতাৰ মাজেৰে কষ্টকৰ জীৱন কটোৱা এইসকল লোকক অভাৱ-অনাটনে জুৰুলা কৰিলেও দেৱালীৰ আগমনে সাময়িকভাবে তেঁওলোকৰ মুখলৈ আনে সজীৱতা তথা এমোকোৰা সুখৰ হাঁহি৷ 

দীপাৱলীৰ সময়তে তেওঁলোকে যুদ্ধংদেহী মনোভাবেৰে নামি পৰে নিজৰ কামত৷ জানিব পৰা মতে, এনে প্ৰতিটো পৰিয়ালে দীপাৱলীৰ প্ৰাকক্ষণত দিন-ৰাতি একাকাৰ কৰি পাঁচৰ পৰা দহ হাজাৰ পৰ্যন্ত মাটিৰ চাকি নিৰ্মাণ কৰে৷ এয়া বিক্ৰী কৰিয়েই উলিয়াবলগীয়া হয় পৰবৰ্তী চাৰি-পাঁচ মাহৰ যাবতীয় খৰছ৷ কিন্তু এইবোৰ সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মৃৎশিল্পীসকল প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে কেঁচা মাটিৰ বাবে৷ কিয়নো চাহিদা অনুপাতে প্ৰয়োজন হোৱা কেঁচা মাটিৰ অভাৱে নিৰ্মাণ কাৰ্যত বিৰাট সমস্যাৰ সৃষ্টি কৰিছে৷ 

যাৰ পৰিণতিত স্বাভাবিকতেই মৃৎশিল্পৰ উৎপাদনত স্থবিৰতা আহি পৰা দেখা গৈছে৷ এইক্ষেত্ৰত চৰকাৰে মৃৎশিল্পীসকলক সকাহ দিয়াৰ অৰ্থে বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ মানুহৰ জীৱনত সততে দৰকাৰ হোৱা মৃৎশিল্পৰ অতি প্ৰয়োজনীয় কেঁচা মাটিকে ধৰি আন আনুষংগিক সামগ্ৰীবোৰ সহজতে যাতে পাব পাৰে চৰকাৰে তাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰাটো নিত্যান্তই জৰুৰী বুলি সচেতন মহলে মন্তব্য কৰিছে৷