
কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰত আগন্তুক ষঠ পূজাক লৈ ব্যাপক প্ৰস্তুতি চলিছে৷ অহা ২৬ আৰু ২৭ অক্টোবৰত কোকৰাঝাৰ চহৰৰ গৌৰাং নৈৰ পাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ষঠ পূজাৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰাক লৈ আজি এক শক্তিশালী আয়োজক কমিটী গঠন কৰা হৈছে৷
উল্লেখ্য যে, ষঠ পূজা আয়োজনক লৈ আজি কোকৰাঝাৰ চহৰস্থিত বাবা নাৰায়ণ গিৰি হিন্দী স্কুল প্ৰাংগনত এক সভা অনুষ্ঠিত হয়৷ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে প্ৰায় শতাধিক স্থানীয় লোকে অংশগ্ৰহণ কৰা উক্ত সভাত সৰ্বসন্মতি মৰ্মে প্ৰেম চন্দ ঝাক সভাপতি আৰু সুপ্ৰজিত চৌহানক সাধাৰণ সম্পাদক হিচাপে লৈ কোকৰাঝাৰ ষঠ পূজা কমিটী খন গঠন কৰা হয়৷
তদুপৰি পূজা কমিটীৰ উপ সভাপতি হিচাপে ক্ৰমে গোবিন্দ ৰায় আৰু গোপী চন্দ চৌহান, সহকাৰী সম্পাদক হিচাপে সঞ্জয় কলৱাৰ আৰু শেখৰ যাদব, হৰি শংকৰ ঠাকুৰ, জগলাল শৰ্মা, নাগেশ্বৰ চৌহান, বিজয় চৌহান, নাগেন্দ্ৰ ঠাকুৰ, দধি চৌহান আৰু কাজল পণ্ডিতক পূজা কমিটীৰ উপদেষ্টা হিচাপে সভাই মনোনীত কৰে৷