বন্ধ দিয়া নাই কৃষক মুক্তিয়ে, স্পষ্ট কৰি দিলে ধৈৰ্য্য কোঁৱৰে

internet
internet

চাবুৱাঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈক মুক্তিৰ দাবীত অহা কাইলৈ তিনিখন জিলা বন্ধ ঘোষণা কৰিছে বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পাছতে আজি ডিব্ৰুগড়ত এখন সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম বন্ধ কাৰ্যসূচী গ্ৰহণ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে৷

সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোৱৰে কয়, ‘‘জন্ম লগ্নৰ পৰাই ‘বন্ধ’ৰ দৰে কাৰ্যসূচীৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আঁতৰি আছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত এই সময়ত বন্ধৰ দৰে কাৰ্যসূচীয়ে ধাৰাবাহিকভাৱে গঢ়ি উঠা গনতান্ত্ৰিক আন্দোলনক বাধাগ্ৰস্ত কৰিব।

‘বন্ধ’ৰ দৰে কাৰ্যসূচীয়ে জনগণক হাৰাশাস্তি দিয়ে৷ ই সংগ্ৰামী আদৰ্শৰ পৰিপন্ঠী বুলি আমাৰ সংগঠনে বিশ্বাস কৰে।’’

সংগঠনটোৰ ফালৰ পৰা কোনো বন্ধ কাৰ্যসূচী ঘোষণা কৰা নাই বুলি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছে সংগঠনটোৰ নেতাজনে।