
বৰপেটাঃ ৰাজ্যত এতিয়া গণতান্ত্ৰিক আন্দোলন কৰাৰ দিন নাই নেকি? অসমত এতিয়া গণতন্ত্ৰ নাই! ফেচিষ্ট সোনোৱাল-হিমন্তৰ বিজেপি চৰকাৰে পুলিচ-প্ৰশাসনৰ জৰিয়তে প্ৰতিদিনেই অসমত গণতন্ত্ৰক হত্যা কৰিছে। এনেদৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বৰ আগমনৰ পুৰ্বে প্ৰতিবাদ কৰিবলৈ সাজু হৈ কৰি কৃষক মুক্তিৰ নেতাক আটক কৰাৰ পিছতে সংগঠনটোৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰে৷ বৰপেটা মেডিকেল কলেজত ১১টাকৈ কেচুৱাৰ মত্যুৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷
তাৰ মাজতে সোমাবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰপেটা মেডিকেল কলেজ পৰিদৰ্শন কৰিবলৈ আহে৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ পুৰ্বে চৰকাৰৰ ব্যৰ্থতাক ধিক্কাৰ দি মন্ত্ৰী হিমন্তৰ পদত্যাগৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠন দুটাৰ নেতা-কৰ্মীয়ে গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে বৰপেটা আৰক্ষীয়ে গণতন্ত্ৰক ভূলুণ্ঠিত কৰি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম আৰু ছাত্ৰ নেতা আশ্ৰাফুল হুছেইনক বৰপেটাৰ মুছলিম পট্টিস্থিত সংগঠনটোৰ অস্থায়ী কাৰ্যলয়ৰ পৰা আটক কৰে বুলি জানিব পৰা গৈছে৷
ইমানে নহয় হিমন্ত বিশ্ব শৰ্মাই বৰপেটা মেডিকেল কলেজ পৰিদৰ্শন কৰি উভতাৰ সময়ত কলা পতাকা প্ৰদৰ্শন কৰা ইব্ৰাহিম আলী খান, মণিৰ আলী, আব্দুল লতিফ, ৰফিক খান, নাজিম উদ্দিন, আব্দুল ৰুফ ফাৰুকি, চাইফুল খান, বাবুল হুছেইন নামৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মীক বৰপেটা চহৰৰ ৰাইনো ক্লাৱৰ সন্মূখৰ পৰা আটক কৰে৷ বিয়লি বৰপেটা থানাৰ পৰা মুকলি হোৱাৰ পিছত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে "অসমত এতিয়া গণতন্ত্ৰ নাই! ফেচিষ্ট সোনোৱাল-হিমন্তৰ বিজেপি চৰকাৰে পুলিচ-প্ৰশাসনৰ জৰিয়তে প্ৰতিদিনেই অসমত গণতন্ত্ৰৰ হত্যাযজ্ঞ চলিছে"।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম চৰকাৰৰ তীব্ৰ সমালোচনা কৰি কৃষক নেতা অখিল গগৈক সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে ৰাষ্ট্ৰদ্ৰোহৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰকৰণৰ জৰিয়তে সোণোৱাল চৰকাৰে অসমত গণতান্ত্ৰিক আন্দোলনৰ পৰিবেশ সমুলি ধ্বংস কৰাৰ চক্ৰান্ত কৰাৰ সময়তেই দুদিন পূৰ্বে কৃষক মুক্তিৰ বাবুল হুছেইন নামৰ নেতাক বৰপেটা সদৰ থানাত আটক কৰাৰ লগতে সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে আন্দোলনৰ প্ৰস্তুতি গ্ৰহণ কৰোঁতেই আৰক্ষীয়ে অগণতান্ত্ৰিকভাৱে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰা বুলি কয়।
বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চলি থকা ব্যাপক অনিয়ম, দুৰ্নীতি, বিশেষজ্ঞ চিকিৎসকৰ অভাৱ, অত্যাধুনিক সা-সাৰঞ্জামৰ অভাৱৰ লগতে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষ আৰু একাংশ চিকিৎসক বিষয়া কৰ্মচাৰীৰ অৱহেলা আৰু গাফিলতিৰ বাবে ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷
উপযুক্ত চিকিৎসাৰ অভাৱত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰি কৃষক মুক্তি আৰু ছাত্র মুক্তিয়ে দীৰ্ঘদিন ধৰি এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰি আহিছিল যদিও সততে দম্ভালি মৰা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাক অৱহেলা কৰি বৰপেটাৰ ফখৰুদ্দীন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলস্বৰূপেই শেহতীয়াভাৱে বৰপেটা মেডিকেল কাণ্ড সংঘটিত হবলৈ পালে বুলিও কৃষক মুক্তি আৰু ছাত্র মুক্তিয়ে অভিযোগ উত্থাপন কৰে।
বৰপেটা মেডিকেল কলেজ কাণ্ডৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰাৰ দাবীও উত্থাপন কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে। সততে দম্ভালি মৰা বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি নূন্যতম লজ্জাবোধ আছে বৰপেটা মেডিকেল কাণ্ডৰ বাবে দায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰক অন্যথা মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া নিজে তেওঁক অপসাৰণ কৰক বুলিও দাবী উত্থাপন কৰে সংগঠনটোৱে। স্মৰ্তব্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী উত্তাপন কৰাৰ লগতে নৱজাতকৰ পিতৃ-মাতৃক ১০ লাখ টকা ক্ষতিপূৰণ, মেডিকেল কলেজ কাণ্ডৰ চি বি আইৰ জৰিয়তে তদন্তৰ দাবী জনায়৷