
ৰঙিয়াঃ পুৱতি নিশা ৰঙিয়াত সংঘটিত পথ দুৰ্ঘটনাত এহাল যুৱক-যুৱতীৰ প্ৰাণ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চহৰৰ সমীপৰ চিকণিবাৰীত ভাৰত-ভূটান ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনাটো।
তীব্ৰবেগী এখন বাছে বাইকক মহটিয়াই নিয়াৰ ফলত তামুলপুৰৰ চুমিত বড়ো আৰু প্ৰিয়া চেত্ৰীৰ থিতাতে মৃত্যু হয়৷ দূৰ্ঘটনাটোত আন এগৰাকী যুৱতী গুৰুতৰ ভাবে আহত হয়।
তামুলপুৰ কালাকুছিত লক্ষ্মী পূজা চাই এখন বাইকত ৰঙিয়াৰ বন্ধুৰ ঘৰলৈ আহি আছিল তিনিওজনে। আহত যুৱতী গৰাকী মাইদাংশ্ৰী বড়ো বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰি বাছখনৰ চালকে ৰঙিয়া থানাত গাড়ী সহ উপস্থিত হয়৷