ৰামে কৈছে- গোহালিত বা গো-খুঁটিত জন্মা শিশু হয় মেধাবী

তেজপুৰঃ গোহালি বা গৰু খুটিত জন্মা শিশু মেধা সম্পন্ন হয়৷ সদ্যহতে বাতৰিৰ শিৰোনাম দখল কৰি থকা তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই এইবাৰ পুনৰ এক মন্তব্য প্ৰকাশ কৰি বাতৰিৰ শিৰোনামত অধিষ্ঠিত হ’বলৈ সক্ষম হ’ল৷

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষ্যে তেজপুৰত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মত ব্যক্ত কৰে সাংসদ গৰাকীয়ে৷ সাংসদ ৰাম প্ৰসাদ শৰ্মাই কয়, ‘‘গোহালি বা গো-খুঁটিত জন্মগ্ৰহণ কৰা শিশুৰ মস্তিস্ক সদায় শক্তিশালী হয়৷ কিয়নো গোমূত্ৰ আৰু গোৱৰৰ দ্ৰানে মস্তিস্কৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷’’ 

সাংসদ ৰাম প্ৰসাদ শৰ্মাই হিন্দু সকলৰ গো-পূজাৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰি কয় যে গো-মূত্ৰ আৰু গোৱৰৰ গোন্ধে মানুহৰ মগজু শান্ত কৰি ৰাখে৷

আনহাতে সাংসদ গৰাকীয়ে নিজেও মাহত দুই তিনিবাৰ গো-মূত্ৰ পান কৰি বিভিন্ন ৰোগৰ পৰা নিৰাময় লাভ কৰা বুলি উল্লেখ কৰে৷ লগতে ৰাম প্ৰসাদ শৰ্মাই যোগ গুৰু বাবা ৰামদেৱৰ বিভিন্ন যোগৰ উপকাৰীতাৰ বিষয়েও মন্তব্য কৰে৷ 

ইফালে একে দিনাই বিশ্ব মানসিক দিৱসৰ এখন সভাত অংশ লৈ সাংসদ গৰাকীয়ে মানসিক ৰোগৰ বাবেই জেহাদৰ সৃষ্টি হৈছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে৷ তেওঁ কয় যে বিভিন্ন কামৰ হেচাত পৰি মানসিক ৰোগত আক্ৰান্ত হৈ মানুহে আত্মহত্যা তথা ডাইনী হত্যাৰ দৰে ঘটনা সংঘটিত কৰাৰ উপৰিও জেহাদ সৃষ্টি কৰে৷

মানসিক ৰোগ নিৰাময়ৰ বাবে সাংসদ গৰাকীয়ে নিয়মিত যোগাসনৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ প্ৰদান কৰে৷