ভেৰগাঁৱত মেথোনৰ সন্ত্ৰাস

শুক্লাইঃ বন্যহস্তীৰ পাছত এইবাৰ বনৰীয়া মেথোনে সৃষ্টি কৰা সন্ত্ৰাসৰ কবলত পৰিছে ভেৰগাঁও৷ ভেৰগাঁৱৰ বাদলাপাৰাত আজি দুদিন ধৰি বনৰীয়া মেথোনৰ তাণ্ডৱত আতংকিত হৈ পৰিছে অঞ্চলবাসী৷

মঙলবাৰে নিশা ভেৰগাঁৱৰ বাদলাপাৰা চাহ বাগিচাৰ কেইবাটাও শ্ৰমিক লাইনত বনৰীয়ে মেথোনে প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ ভাঙি পেলায়৷

মঙলবাৰৰ পুৱাৰ পৰাই ঘটনা স্থলীত বৰনদী অভয়াৰণ্যৰ বন বিষয়া আৰু ডিমাকুছি আৰক্ষী উপস্থিত থাকে যদিও মেথুনটোক শ্ৰমিক লাইনৰ পৰা উলিয়াই নিবলৈ সক্ষম হোৱ নাই৷ ইফালে মেথোনৰ ভয়ত অঞ্চলবাসীয়ে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে৷