অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে কামপুৰ

কামপুৰঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁও জিলাৰ কামপুৰ। বিগত কিছুদিনত কেইবাটাও অপৰাধজনিত ঘটনা সংঘটিত হৈছে কামপুৰ অঞ্চলত। ৯ অক্টোবৰত কামপুৰ বৰকলা পথৰ কলাই খোৱাত সৌৰভ জ্যোতি হাজৰিকা নামৰ ছাত্ৰজনক নিশা কোনো দুৰ্বৃত্তৰ গুলীয়াই গুৰুতৰ ভাৱে আহত কৰা হৈছিল৷

তাৰ পাছতেই পুনৰ কামপুৰ পশ্চিম গুইমাৰীত চৰাইদেউ জিলাৰ চুনীল পাটৰ নামৰ লোক জনক সন্দেহ জনক অৱস্থাত চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হয়। কিন্ত বুধবাৰে পাতৰে চিপ লোৱা ঠাইতে আন এটা মৃতদেহ পিতনিৰ পৰা উদ্ধাৰ হয়।

উল্লেখ্য যে, কামপুৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অপৰাধজনিত কাৰ্য সংঘটিত হৈ থকাৰ মাজতে গুইমাৰী ৰেল লাইনৰ কাষত থকা পিটনিৰ মাজত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা মৃতদেহটো নগাঁও শলগুৰি সৰু ৰাধা আটিৰ ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। ইফালে পশ্চিম গুইমাৰীতো মৃতদেহৰ সন্ধানত আৰক্ষীৰ অভিযান।

২০১৬ চনৰ ১৩ ডিচেম্বৰত কচুৱা জুৰিপাৰৰ আলিম উদ্দিন নামৰ এজন যুৱকক অপহৰণ কৰিছিল দূৰ্বৃত্তই। কিন্তু অপহৃত যুৱকজনৰ সন্ধান উলিয়াব পৰা নাছিল আৰক্ষীয়ে। অৱশেষত অপহৰণৰ লগত জড়িত গিয়াছ উদ্দিন নামৰ এজনক আটক কৰিছিল আৰক্ষীয়ে।

ধৃত অভিযুক্ত গিয়াছ উদ্দিনৰ বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত কচুৱা আৰক্ষীয়ে আলিম উদ্দিনৰ মৃতদেহৰ সন্ধানত পশ্চিম গুইমাৰী ডাবলু বিলত খননকাৰ্য চলাইছিল। কিন্তু প্ৰখৰ ৰ'দৰ বাবে খনন কাৰ্য্য চলোৱাৰ অসুবিধা হোৱাত বৃহস্পতিবাৰে পুৱাৰ পৰা খনন কৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষীয়ে।