তেজপুৰত মাতৃৰ স্মৃতিত পুত্ৰই দিলে জাৱৰ পেলোৱা গাড়ী

তেজপুৰঃ যি সময়ত পিতৃ-মাতৃক বিভিন্ন জনে নিৰ্যাতন চলোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে, সেই সময়তে বিশিষ্ট ব্যৱসায়ী হিমৎ সিংকাই প্ৰয়াত মাতৃৰ জন্মদিনত তেজপুৰ পৌৰসভাক এখন গাড়ী প্ৰদান কৰি মাতৃ স্নেহৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, দুবছৰ পূৰ্বে হিমৎ সিংকাৰ মাতৃ প্ৰীতি হিমৎ সিংকাৰ আজিৰ দিনটোতে মৃত্যু ঘটিছিল৷ তাৰ পাছত মাতৃ প্ৰেমত আতুৰ হিমৎ সিংকাই মাতৃৰ সোঁৱৰণী জীপাল কৰাৰ অৰ্থে তেজপুৰ পৌৰসভাক এখন গাড়ী প্ৰদান কৰে৷

তেজপুৰ পৌৰসভাই এই গাড়ী খন ব্যৱহাৰ কৰি জাৱৰ-জোথৰ পেলাই তেজপুৰখন অধিক সুন্দৰ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে৷ লগতে তেজপুৰ পৌৰ সভাৰ সভাপতি পুস্পা ডেকাই হিমৎ সিংকাৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰে।