
ৰঙিয়াঃ কেন্দ্ৰৰ শাসনৰ গাদীত বহা বিজেপিয়ে আজি মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিলে Left Democratic Front (LDF) তথা চিপিআইএমৰ বিৰুদ্ধে৷
কেৰালাৰ শাসনাধিষ্ঠ চিপিআইএমে বিজেপি দলৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে বিজেপিৰ ৰঙিয়া নগৰ মণ্ডল সমিতিয়ে মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷
বিজেপিৰ ৰঙিয়া নগৰ মণ্ডল সমিতিৰ প্ৰায় শতাধিক সদস্যই ৰঙিয়া চহৰৰ মাজ-মজিয়াৰ মহাত্মা গান্ধীৰ প্ৰতিমুৰ্ত্তীৰ তলত মুখত কলা কাপোৰ বান্ধি তিনি ঘন্টা সময় অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি দলৰ কৰ্মীক হত্যা তথা আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰে দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনায়।