
গুৱাহাটীঃ মহানগৰীৰ মাজ মজিয়াৰ লখৰাত অষ্ট্ৰেলিয়াৰ খেলুৱৈই কঢ়িযাই অনা বাছত শিল দলিওৱা ঘটনাক গুৰুত্ব সহকাৰে লয় ভাৰত চৰকাৰে৷ দিল্লীয়ে গুৰুত্ব সহকাৰে লোৱাৰ পিছতে বুধবাৰে নিৰপত্তা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত বহিল ৰাজ্য প্ৰশাসন আৰু ফিফা কৰ্তৃপক্ষ৷
ৰাজ্যৰ গৃহ বিভাগে মঙলবাৰৰ ঘটনাক গুৰুত্ব সহকাৰে লৈ পুৱাই বৈঠকত বহে৷ বৈঠকৰ অন্তত অসম আৰক্ষীয়ে খেল পথাৰ, খেলুৱৈই আৰু খেলুৱৈই থকা হোটেলৰ নিৰাপত্তাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে খেলুৱৈই আহ-যাহ কৰা পথত নিৰপত্তা বৃদ্ধি কৰাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে৷
খেলুৱৈই আহ-যাহ কৰা পথত পেট্ৰলিং বাহনে নিৰপত্তা দিয়াৰ লগতে অসম বেটেলিয়ানৰ অতিৰিক্ত জোৱান নিয়োগ কৰা বুলি কয় অসম আৰক্ষীয়ে৷ ১৭ অনুৰ্ধ্ব বিশ্বকাপ ফুটবলৰ খেলুৱৈৰ সুৰক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাধা বিপত্তি আহিব নোৱাৰে তাৰ বাবে ভাৰত চৰকাৰে এক বিশেষ Benchmark তথা উচ্চতাৰ চিহ্ন নিৰূপণ কৰে৷ Benchmark বৰ্তমানৰ বাবেই নহয়, ভৱিষ্যতেও যাতে খেলুৱৈই, খেল পথাৰত যাতে কলংক নালাগে তাৰ বাবে এক আদৰ্শ স্থাপন কৰাৰ বাবে ব্যবস্থা গ্ৰহন কৰা হয়৷
মঙলবাৰে নিশা অষ্ট্ৰেলিয়া ক্ৰিকেট দলক কঢ়িযাই অনা বাছত দুৰ্বৃত্তই শিল দলিয়াই আইনা ভাঙে৷ নিশা প্ৰায় ১১-২০ বজাত মহানগৰীৰ ব্যস্ত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ লখৰাত সংঘটিত এই ঘটনাৰ পিছতে ৰাজ্যৰ আৰক্ষী, চৰকাৰ তথা ভাৰতীয় চোৰাংচোৱা সংস্থা সক্ৰিয় হৈ পৰে৷