
নলবাৰীঃ খোদ আৰক্ষীৰ ঘৰতে চোৰৰ সফল মিচন। দিন দুপৰতে নলবাৰী চহৰৰ খাটত সংঘটিত হল চুৰিকাৰ্য্য। চিনেমাৰ কায়দাৰে ঘৰৰ গ্ৰীল ভাঙি চোৰে লুটিলে নগদ ধন সহ প্ৰায় দুই লাখ টকাৰ সম্পত্তি। নলবাৰী জেইলৰ জেইলাৰ জগদীশ ডেকাৰ ঘৰত বুধবাৰে দুপৰীয়াৰ ভাগত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান।
ঘৰৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰৰ দলটোৱে। আৰু ইয়াৰ পিছত চোৰে এফালৰ পৰা লুটি লৈ চিনেমাৰ কায়দাৰে পিছফালৰ খিৰিকীৰ গ্ৰীল ভাঙি পলায়ণ কৰে। চোৰে লুটি লৈ গ’ল নগদ ষাঠি হাজাৰ টকা সহ সোণৰ আ-অলংকাৰ আৰু কাপোৰ।
সৰ্বমুঠ প্ৰায় দুই লাখ টকাৰ সম্পত্তি লুটি নিয়ে চোৰৰ দলটোৱে। আনহাতে, খোদ নলবাৰী জিলা কাৰাগাৰৰ জেইলাৰৰ ঘৰতে চোৰে চুৰি কাৰ্য্য সংঘটিত কৰি পুনৰ এবাৰ নলবাৰী আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই দিলে।
কিন্তু সঘনাই নলবাৰী চহৰত সংঘটিত হোৱা চুৰি কাৰ্য্যক ৰোধ কৰিব নোৱাৰা নলবাৰী আৰক্ষীয়ে এইবাৰ চোৰক কৰায়ত্ব কৰিব পাৰিবনে বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে৷