
গুৱাহাটীঃ আলহীক আতিথ্য দিব জনা অসমীয়াই প্ৰমাণ কৰিলে অসমীয়া সচাই কোমল অন্তৰৰ৷ অসমীয়া সচাই সহনশীল৷ অতিথিক দেৱতা জ্ঞান কৰা অসমীয়াই প্ৰমাণ কৰিলে ঘৰলৈ অহা আলহীক কেনেদৰে বিদায় দিব লাগে৷ কোনো এজন নতুবা দুজনে দলিওৱা শিলে জাতিক প্ৰতিনিধিত্ব নকৰে৷ কোনোবা এজনে নতুবা দুজনে জাতিটোৰ ওপৰত চেকা লগাব নোৱাৰে৷ তেনেদৰে শিল দলিওৱা ভেৰাই আমাৰ স্বাভিমান শেষ কৰিব নোৱাৰে৷
আক্ৰমণৰ বাবে অহা মোগলৰ সৈনিককো অসমীয়াই নিগাজিকৈ অসমত থাকিবলৈ দিছিল৷ শত্ৰুক হত্যা নকৰি জীৱন দিয়া অসমীয়াই কেনেকৈ আলহীক অপমান কৰিব পাৰে? ঘৰলৈ অহা আলহীক অসমীয়াই অপমান কৰিব নোৱাৰে৷
অসমীয়া জাতিৰ আবেগ আছে অনুভূতি আছে৷ দয়া আছে মমতা আছে মান আছে অভিমানো আছে৷ শত্ৰুকো মিত্ৰ জ্ঞান কৰা অসমীয়াই পুৱাই ওলাই আহিল ৰেডিচিয়ান ব্লু হোটেলৰ সন্মুখলৈ৷ হাতে হাতে প্লে কাৰ্ড লৈ অসমীয়াই চকু চলচলিয়া কৰি ক'লে ‘Sorry Australia, Sorry’!

কেৱল হোটেলৰ সন্মুখতে নহয় বিমান বন্দৰতো শ শ লোকে ক'লে ‘Sorry Australia, Sorry’৷ মহানগৰীৰ মাজ মজিয়াৰ লখৰাত অষ্ট্ৰেলিয়াৰ খেলুৱৈ কঢ়িযাই অনা বাছত শিল দলিওৱা ঘটনাৰ পাছতে বুধবাৰে একাংশ লোকে হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহি ক্ষমা বিছাৰে অষ্ট্ৰেলিয়ান খেলুৱৈক৷
মঙলবাৰে নিশা অষ্ট্ৰেলিয়া ক্ৰিকেট দলক কঢ়িযাই অনা বাছত দুৰ্বৃত্তই শিল দলিয়াই আইনা ভঙা কাৰ্যত মৰ্মাহত হৈ পৰে ৰাজ্যৰ সচেতন লোকসকল৷ যাৰ বাবে পুৱাৰে পৰা অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ হোটেলৰ পৰা ওলাই অহাৰ পৰা বিমান বন্দৰলৈকে অসমীয়াই ক'লে- ''আমাক ক্ষমা কৰি দি থৈ যোৱা''৷ হয়তো অষ্ট্ৰেলিয়া দলৰ খেলুৱৈসকলে ক্ষমাও কৰিলে৷ তেওঁলোকে লোৱা নাছিল ঘটনাক গুৰুত্ব সহকাৰে৷ তেওঁলোকৰ দলৰ প্ৰৱক্তাই প্ৰশংসা কৰে অসমৰ নিৰপত্তা ব্যৱস্থাক৷ ইমানে নহয় তেওঁলোকে ঘটনা সন্দৰ্ভত আপত্তি নদৰ্শায়৷
নিশা প্ৰায় ১১-২০ বজাত মহানগৰীৰ ব্যস্ত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ লখৰাত সংঘটিত এই ঘটনাই অসমীয়াৰ স্বাভিমানত আঘাত হানে৷ ক্ৰীড়াৰ এক বৰ্নিল তথা গৌৰৱৰ অধ্যায় আৰম্ভণি হোৱাৰ সময়তে এনে কাণ্ডই আঘাত দিছে সকলো অসমীয়াক৷ নিজৰ দেশৰ দলে পৰাজয় বৰণ কৰাৰ যন্ত্ৰণা সহিব নোৱাৰি শিল দলিয়াই দেশ প্ৰেম দেখুৱাবলৈ গৈ অসমীয়াক অপমান কৰিলে কিছুমান শিলৰ অন্তৰৰ লোকে৷