কামপুৰ গুইমাৰীত অপহৃত লোকৰ মৃতদেহৰ উদ্ধাৰ

কামপুৰঃ অপৰাধৰ ৰম্য ভূমিত পৰিণত হৈছে নগাঁও জিলা৷ বিগত কিছুদিনত এটা পাছত এটা কৈ সংঘটিত হোৱা হত্যা, ধৰ্ষণ, ডকাইটি, অপহৰণ আদিৰ দৰে ঘটনাই কামপুৰৰ পৰিৱেশ বিনষ্ট কৰা দেখিবলৈ পোৱা গৈছে৷ আনহাতে জিলা প্ৰশাসনৰ নিস্কৰ্মতাও বাৰুকৈয়ে প্ৰকাশ পাইছে সংঘটিত হোৱা এনেবোৰ ঘটনাৰ জৰিয়তে৷ 

শেহতীয়াকৈ নগাঁও জিলাত পূনৰ সংঘটিত হ’ল এক দুস্কাৰ্য৷ জিলাখনৰ গুইমাৰীত এজন অপহৃত লোকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ২০১৬ চনৰ ১৩ ডিচেম্বৰত কচুৱা জুৰিপাৰৰ আলিম উদ্দিন নামৰ এজন যুৱকক কোনো দুৰ্বৃত্তই টকাৰ লোভত অপহৰণ কৰিছিল৷ 

কিন্তু অপহৃত যুৱক জনৰ সন্ধান উলিয়াব পৰা নাছিল আৰক্ষীয়ে। অৱশেষত অপহৰণৰ লগত জড়িত গিয়াছ উদ্দিন নামৰ এজনক আটক কৰিছিল আৰক্ষীয়ে। ধৃত অভিযুক্ত গিয়াছ উদ্দিনৰ বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত কচুৱা আৰক্ষীয়ে আলিম উদ্দিনৰ মৃতদেহৰ সন্ধান চলায়৷ 

বুধবাৰে পুৱাৰ পৰা মৃতদেহৰ সন্ধানত আৰক্ষীয়ে খনন কাৰ্য চলাইছিল যদিও নিশালৈহে পশ্চিম গুইমাৰী ডাবলু বিলত খননকাৰ্য চলাই গলিত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

উল্লেখ্য যে, কচুৱা আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে বাকী থকা অপহৰণকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। কিন্তু জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা বিভিন্ন দুস্কাৰ্য্যই জিলা বাসীক শংকিত কৰি তুলিছে৷ তেনে ক্ষেত্ৰত প্ৰশাসনক দুস্কাৰ্য্যসমূহ ৰোধ কৰিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাবাসীয়ে আহ্বান জনাইছে৷