কেন্দুকোনাত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

তুলসীবাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰাৰ পো আঞ্চলিক শাখাৰ অন্তৰ্গত কেন্দুকোনা প্ৰাথমিক শাখাৰ উদ্যোগত অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ গুৰুজনাৰ ৫৬৯ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷

তদুপলক্ষে স্থানীয় লাউকুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিতব্য কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত গুৰু আসন প্ৰতিষ্ঠা, নাম প্ৰসংগ, বৃক্ষৰোপন আৰু সেৱা বাহিনীৰ সাধাৰণ বৈঠকৰ লগতে সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ বিয়লি আয়োজন কৰা দিহা নাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা সকলে ৮৪৮৬৪২১২০১ ফোন নম্বৰ যোগে যোগাযোগ কৰিব পাৰিব।

আনহাতে দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণ, ধৰ্ম ধ্বজা উত্তোলন, ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা, ভাগৱত পাঠ আদি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ দুপৰীয়াৰ মুকলি সভাত কৃতি ছাত্ৰ-ছাত্ৰী, শিক্ষক, আদৰ্শ কৃষক তথা সমাজকৰ্মীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ’ব৷

সন্ধিয়া বন্তি প্ৰজ্বলন তথা সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হ’ব৷ অনুষ্ঠানৰ সমূহ কাৰ্যসূচীতে ধৰ্ম প্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে৷