
জাজৰিঃ এন আৰ এল এম দলংঘাট উন্নয়ন খণ্ডৰ ব্লক মেনেজমেণ্ট ইউনিয়নৰ ব্যৱস্থাপনাত গ্ৰাম্য সমৃদ্ধি আৰু স্বচ্ছতাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে যোৱা ২ অক্টোৱৰৰ পৰা অহা ১৫ অক্টোৱৰলৈ তেৰ দিনিয়াকৈ অনুষ্ঠান অনুষ্ঠিত হৈ আছে৷ উন্নয়ন খণ্ডটোৰ প্ৰতিটো গাঁও পঞ্চায়তত অনুষ্ঠিত হৈ থকা এই স্বচ্ছতা মেলাৰ বিষয়ে জানিবলৈ দিয়ে বি পি এম টিনামুনি দত্তই।
এই কাৰ্যসূচীৰ অংশ হিচাপে আজি উন্নয়ন খণ্ডটোৰ অন্তৰ্গত কুজিদাহ-জামুগুৰি পঞ্চায়তৰ জামুগুৰি বজাৰগৃহ আৰু আইভেটি পঞ্চায়তৰ ৰাজহুৱা ভৱনত কৃষি সম্পৰ্কীয় এক সজাগতা শিৱিৰো অনুষ্ঠিত হয়। সভাত বি পি এম টিনামুনি দত্তৰ লগতে কৃষি সম্প্ৰসাৰণ বিষয়া নিৰ্মল নাথ উপস্থিত থাকি উপস্থিত মহিলা সকলক সজাগতাৰ ওপৰত সচেতন হ’বলৈ আহ্বান জনায়৷
লগতে একেই কাৰ্যসূচীৰ অংশ হিচাপে ১১ অক্টোৱৰত ৰাইদঙীয়া আৰু হাতীজোযোৱা পঞ্চায়তত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আৰু ঔষধ বিতৰণো কৰা হয়। উক্ত স্বাস্থ্য শিবিৰত চিকিৎসা সেৱা আগবঢ়ায় ডা০ চন্দনা নাথ আৰু ডা০ নলিনী কুমাৰ বৰাই।