গৰৈমাৰীত ৰাণী ছাইল্ড লাইনৰ তৎপৰতাত বন্ধ হ’ল বাল্য বিবাহ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গৰৈমাৰীঃ সমগ্ৰ ৰাজ্যৰ ভিতৰুৱা অঞ্চল সমূহত এতিয়াও অব্যাহত আছে বাল্য বিবাহৰ দৰে ঘটনা। বিশেষকৈ সংখ্যালঘু অধ্যুষিত বসতি প্ৰধান অঞ্চলত একাংশ লোকে আইনী ব্যৱস্থাক বুঢ়োা আঙুলি দেখুৱাই বাল্য বিবাহৰ দৰে মাৰাত্মক ব্যাধিক আগ্ৰাহন দিয়াৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, গ্ৰামাঞ্চলৰ একাংশ দেৱানী মাতাব্বৰৰ পূৰ্ণ সহযোগত বাল্য বিবাহৰ দৰে মাৰাত্মক ব্যাধি জনিত কাম সমাজত সংঘটিত হৈ আহিছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীত পুনৰ বাল্য বিবাহৰ যোজা চলাওতে ৰাণী ছাইল্ড লাইনে এক গোপন সূত্ৰে গম পাই উক্ত বাল্য বিবাহটো স্থানীয় গাঁওবুঢ়াৰ জড়িয়তে বন্ধ কৰিবলৈ সক্ষম হয়।

বুধবাৰে নিশা কানহাৰা গাঁৱৰ এগৰাকী ব্যাক্তিৰ ঘৰত গৰৈমাৰীৰ টুক্ৰাপাৰা ছোৱালী এম ই মাদ্ৰাছাৰ ছাত্ৰী অষ্টম শ্ৰেণীত পঢ়ি থকা খাতুন উপাধিৰ পোন্ধ বছৰীয়া কিশোৰী এগৰাকীৰ বকো সমষ্টিৰ ডেকাচংৰ যুৱক এজনৰ লগত বিবাহৰ প্ৰস্তুতি চলি আছিল। ঠিক সেই সময়তে ৰাণী ছাইল্ড লাইনে এক গোপন সূত্ৰে গম পাই ছাইল্ড লাইনৰ তৎপৰতাত বাল্য বিবাহ খন বন্ধ কৰিবলৈ সক্ষম হয়।

পিছত আজি ৰাণী ছাইল্ড লাইনৰ টিম মেম্বৰ অৱণী কলিতাই কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকক লগ ধৰি এক জাননী যোগে কিশোৰী গৰাকীক অহা ১৮   অক্টোবৰত আমিনগাঁও ছি ডব্লিউ ছি আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰী কৰে।