
ফিল'বাৰীঃ অৰুণাচলৰ চাংলাঙৰ এক দুৰ্গম অঞ্চলত আজি তিনিচুকীয়াৰ আৰক্ষীয়ে অভিযান চলাই আলফা (স্বা)ৰ এগৰাকী দুৰ্ধষ কেডাৰক আটক কৰিবলৈ সক্ষম হয়।
সূৰ্য্য মৰাণ ওৰফে মুক্তি অসম নামৰ কেডাৰ গৰাকীৰ ঘৰ কাকপথাৰত বুলি জানিব পৰা গৈছে। কেডাৰ গৰাকীৰ হাতৰ পৰা আৰক্ষীয়ে এটা এ কে ৮১ ৰাইফল সহ তিনিটা গুলী ভৰ্ত্তি মেগজিন জব্দ কৰিছে।