
নলবাৰীঃ নলবাৰীৰ দক্ষিণ প্ৰান্তৰ বগলচ ৰোড চকত বৃহস্পতিবাৰে নিশা বিজুলী পৰিবাহী তাঁৰত হঠাৎ বিজুটি ঘটি এক ভয়ংকৰ অগ্নি কাণ্ড সংঘটিতত হয়।
জানিব পৰা মতে, বগলচ ৰোড চকৰ জোন শৰ্মা মালিকাধীন তথা অৰুণোদয় কেন্দ্ৰ নামৰ কম্পিউটাৰ দোকান খনত এই অগ্নি কাণ্ড সংঘটিত হয়।
ফলত প্ৰায় দুই লাখ টকাৰ কম্পিউটাৰ সামগ্ৰী সহ আন বহুতো সামগ্ৰী জুইত জাহ যায়। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়৷