
কোকৰাঝাৰঃ অচিনাক্ত দুস্কৃতিকাৰীৰ গুলীচালনাত নিহত হোৱা এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত এবিএমছুৱে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া বিটিএডি বন্ধৰ প্ৰভাৱ কোকৰাঝাৰত আংশিকভাৱে পালিত হয়। বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ সদৰ চহৰত একাংশ দোকান পোহাৰ বন্ধ থকাৰ বিপৰীতে লাফিকুল হত্যাকাণ্ডৰ স্থান অৰ্থাৎ তিতাগুৰীত দোকান পোহাৰ সম্পূৰ্ণভাৱে খোলা থাকে।
অৱশ্যে জিলাখনৰ ভাটিপাৰা, মোকৰাপাৰা, ভোটগাঁও, ঢোলমাৰা, ফকিৰাগ্ৰাম, ছালাকাটী, চিথিলাকে ধৰি কেতবোৰ অঞ্চলত বন্ধৰ প্ৰভাৱ সম্পূৰ্ণৰূপে পৰা পৰিলক্ষিত হয়। উক্ত অঞ্চলবোৰত বন্ধ সমৰ্থনকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু কোকৰাঝাৰ আৰক্ষীয়ে ১০ গৰাকী পিকেটিংকাৰীক আটক কৰে।

উল্লেখ্য যে, যোৱা ১ আগষ্টৰ দিনাখন তিতাগুৰীত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে লাফিকুল ইছলাম আহমেদক দিন দুপৰতে গুলিয়াই হত্যা কৰিছিল। হত্যাকাণ্ডই দুমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাত যোৱা ১১ অক্টোবৰত এবিএমছুৱে পুনৰাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল আৰু তাৰেই অংশস্বৰূপে আজি এবিএমছুৱে ১২ ঘণ্টীয়া বিটিএডি বন্ধৰ আহ্বান জনাইছিল।
ইপিনে লাফিকুল হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত অহা ১৫ অক্টোবৰত পৰ্বতঝোৰাত প্ৰতিবাদী গণসমাৱেশ, ১৬ অক্টোবৰৰ পৰা ৭২ ঘন্টীয়া অৰ্থনৈতিক অবৰোধ, ২২ অক্টোবৰত চিৰাং জিলাত বিশাল প্ৰতিবাদী গণসমাবেশ, ২৩ অক্টোবৰত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত প্ৰতিবাদী গণসমাৱেশ, ২৬ অক্টোবৰত ১২ ঘন্টীয়া ৰেলপথ অৱৰোধ আৰু ৩০ অক্টোবৰৰ পৰা চিৰাঙত আমৰণ অনশন আৰম্ভ হ’ব বুলি জানিবলৈ দিছে এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম সেখে৷