
নগাঁওঃ দ্বিতীয় পৰ্যায়ত যোৱা ১০ অক্টোবৰৰ পৰা চাৰিদিনীয়াকৈ ৰাজ্যৰ মুঠ ১২ খন জিলাৰ দৰে নগাঁও জিলাটো অনুষ্ঠিত কৰা হয় গুণোৎসৱ৷ নিম্ন প্ৰাথমিকৰ পৰা মাধ্যমিক শ্ৰেণীলৈকে সামৰি বিদ্যালয়সমূহৰ গুণগত মান নিৰূপনৰ হেতু আয়োজিত এই গুণোৎসটি জিলাখনৰ সৰ্বমুঠ ২৩১৮ খন শিক্ষানুষ্ঠানত সুচাৰুৰূপে অনুষ্ঠিত কৰা হয়৷ উল্লেখ্য, জিলাখনত থকা প্ৰাথমিক শিক্ষাখণ্ডকেইটা হৈছে বটদ্ৰৱা, জুৰীয়া, কলিয়াবৰ, খাগৰিজান, কপিলী, লাওখোৱা, ৰূপহী, কঠিয়াতলি আৰু নগাঁও আৰবান৷
জিলাখনত ১৭২০ খন প্ৰাথমিক বিদ্যালয়,২৭৭ খন উচ্চ প্ৰাথমিক বিদ্যালয়,৬৭ খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক সংলগ্ন বিদ্যালয়ৰ লগতে ৩২৪ খন নতুনকৈ প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয় আছে৷ ইয়াৰে ২৩১৮ খন বিদ্যালয়ত ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজিত গুণোৎসৱৰ আজি সফলতাৰে সামৰণি পৰে৷ বিগত চাৰিদিন ধৰি একপ্ৰকাৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা বিদ্যালয়সমূহে গুণোৎসৱৰ মূল্যায়ণত উন্নত ফলাফলৰ আশাৰে যৎপৰোনাস্তি সকলো ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰে৷
প্ৰথম দিনা বিদ্যালয়সমূহে বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি স্ব-মূল্যায়ণ সম্পন্ন কৰাৰ পিছত প্ৰত্যেকখন বিদ্যালয় চৰকাৰীভাৱে নিয়োজিত বিশেষ একোগৰাকী পৰিদৰ্শকে পৰিদৰ্শন কৰে৷ পৰিদৰ্শন কালত পৰিদৰ্শকগৰাকীয়ে শিক্ষাৰ্থীৰ দ্বাৰা শাৰীৰিক অনুশীলন, মৌন প্ৰাৰ্থনা, মূল প্ৰাৰ্থনা, মহোৎলোকৰ বাণী পৰিবেশন, বাতৰিৰ শিৰোনামা পাঠ, বিদ্যালয়ৰ সংকল্প পাঠ, চাফ-চিকুণতা, ৰাষ্ট্ৰীয় সংগীত পৰিবেশন আদি পৰ্যবেক্ষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, অসমীয়া আৰু ইংৰাজী বিষয়ৰ পঠন দক্ষতা, শ্ৰেণীকোঠাৰ পাঠদান আদি নিৰীক্ষণ কৰি পৰিদৰ্শকসকলে ইয়াৰ মূল্যায়ণ কৰে৷
তদুপৰি পৰিদৰ্শকসকলে বিদ্যালয়ৰ আন্তঃগাঁথনি, মধ্যাহ্ন ভোজনৰ হিচাপ-নিকাচ তথা বিদ্যালয় সা-সুবিধা আৰু সমস্যাৰাজি নিয়মানুসৰি পৰ্যবেক্ষণ কৰে৷ জিলাখনৰ অধিকাংশ বিদ্যালয়েই আশানুৰূপ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে৷ গুণোৎসৱক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত চৰম ব্যস্ততাৰে পাৰ কৰা শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে এতিয়া কোনখন বিদ্যালয়ে কি গ্ৰেড লাভ কৰে তাৰ বাবে উৎকণ্ঠাৰে বাট চাই ৰৈছে৷