
শুক্লাইঃ একৈশ শতিকাই পৃথিৱীক বহু আগুৱাই নিলে৷ সমগ্ৰ বিশ্ব খন যেন এখন গাঁৱত হে পৰিণত হ’ল৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়ণৰ লগে লগে এতিয়া পৃথিৱীৰ ইখন দেশৰ পৰা সিখন দেশলৈ যেন দুৰত্বহে কমি গল৷ যাতায়ত তথা যোগাযোগৰ ক্ষেত্ৰত অভূতপুৰ্ব সলনি হ’ল৷
কিন্তু আমাৰ ৰাজ্যখনক তেনে ধৰণৰ উন্নয়ণে আজিলৈকে ঢুকিয়েই পোৱা নাই৷ বিশেষকৈ আমাৰ ৰাজ্য খনৰ ভাৰত-ভূটান সীমান্তবৰ্ত্তী অঞ্চলত মানুহে আজিও বহিঃজগতৰ সৈতে যোগাযোগ কৰিবলৈ হাহাকাৰ কৰিব লগা হয়৷কেৱল যাতায়াতৰ সমস্যাই নহয় আজিও বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰণ হয় সীমান্তবাসীৰ৷ বিশুদ্ধ খোৱা পানীৰ বাবে ককবকাব লগা হয়৷ লৰা-ছোৱালীক শিক্ষা দিবলৈ, স্বাস্থ্য সেৱাৰ বাবে নাই ন্যুনতম সুবিধা৷
মুঠৰ ওপৰত আজিও আদিম যুগৰ সৈতে সহৱস্থান কৰি আহিছে হাজাৰ হাজাৰ লোকে৷ ইয়াৰ মাজতে সীমান্তৱৰ্ত্তী ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ বিটিএডিৰ ডিমাকুছিৰ শুক্লাই নৈত এখন দলং নোহোৱাত হাজাৰ হাজাৰ লোকে চকুলো টুকিব লগা হয়৷
ভূটান পাহাৰৰ পৰা বৈ অহা নৈ এই শুক্লাই নৈ খনত স্বাধীনতাৰ পিছৰে পৰা বহু ধুৰন্ধৰ নেতাই এখন দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে৷ কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসন কালত কেতিয়াও বিটিএডিৰ পিনে ঘুৰি চাবলৈ সময় পোৱা নাছিল দলটোৱে৷কেৱল ঘুৰি যে চোৱা নাছিল এনে নহয় দলটোৱে বিটিচি এলেকাৰ নেতা-কৰ্মীক একপ্ৰকাৰ বন্ধকত থৈ দিছিল৷
আনহাতে একালৰ কংগ্ৰেছৰ বন্ধু এতিয়াৰ শত্ৰু হাগ্ৰামা বাহিনীয়েও বিটিচিৰ চাৰিখন জিলাৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে৷বিটিচিৰ উন্নয়ণ কেৱল কোকৰাঝাৰতে সীমাবদ্ধ বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হয়৷ বিটিচিত ঠাই বিশেষে উন্নয়ণ হোৱা বুলিও অভিযোগ উত্থাপিত হয়৷ মডেল বিটিচিৰ শ্ল’গান দিয়া হাগ্ৰামাই ১১ বছৰে শাসন কৰি আহিছে যদিও কেৱল ক্ষমতাৰ লোভৰ বাহিৰে আন একো বুজি নাপায় বুলি অভিযোগ উত্থাপন হয়৷
বিটিএডিৰ ওদালগুৰি জিলাৰ ডিমাকুছিৰ শুক্লাইত বাৰিষা কালছোৱা ভূটান পাহাৰ তথা আমাৰ ৰাজ্য খনত বৰষুণ দিলেই শুক্লাই নৈৰ পাৰত মানুহে ঘন্টা ঘন্টা ধৰি থিয় দি থাকিব লগা হয়৷ নৈ খন জলমগ্ন হৈ পৰাৰ ফলত সীমান্তবাসীৰ বহিঃ জগতৰ সৈতে যোগাযোগ বিছিন্ন হৈ হাহাকাৰ কৰিবলগীয়া হয়। পিছে বৰষুণ দিয়া শেষ হ'লেই নদীখনৰ ডিমাকুছি-শুক্লাই পথৰ প্ৰায় দুই-তিনি কিলোমিটাৰ ঠাইত এটুপিও নাথাকে পানী।
ৰাইজে দীৰ্ঘদিনে নৈ খনত এখন দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও তৰুণ গগৈ, হাগ্ৰামা মহিলাৰী, ৰিহন দৈমাৰীৰ দৰেই সৰ্বানন্দ সোণোৱাল চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ দৰিদ্ৰ তথা কৃষিজীৱি লোকে বসবাস কৰা অঞ্চলটোত দলং খন নিৰ্মাণ নকৰাৰ ফলত ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী তথা চাহ বাগানত কাম কৰা শ্ৰমিকসকলে যমৰ-যাতনা ভোগ কৰি আহিছে৷
বৰষুণ দিলে নৈৰ পাৰত ৰৈ থকা একাংশ লোকে কান্ধত বাইক পাৰ কৰাই টকা লয়৷ এক ককাল পৰ্যন্ত পানীত নামি যুৱকে পাৰ কৰাই দিয়ে যাত্ৰীৰ বাইক৷ হাগ্ৰামা মহিলাৰীৰ বাবে শুক্লাই নৈত এখন দলং নিৰ্মাণ কৰিবলৈ সাধাৰণ কথা৷ কিন্তুু কোনে হাগ্ৰামাৰ হাত বান্ধি ৰাখিছে৷ যোৱা ১১ বছৰে কিয় হাগ্ৰামাই ৰামঠগন দি আহিছে ৰাইজক৷ এইটো এতিয়া লাখটকীয়া প্ৰশ্ন৷