
চাবুৱাঃ একালৰ বৰ অসমৰ অংগ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি যিদৰে ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷ কিন্তু এই সংগ্ৰামে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷
এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷
এনেবোৰ প্চাৰৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ডিব্ৰুগড়ৰ চাবুৱাত অনুষ্ঠিত এক সাংগঠনিক সভাৰ অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে অসমৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুল হুংকাৰ দিয়ে। অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায় সংগঠনটোৱে।
ভাৰত চৰকাৰ আৰু NSCN (আই-এম)ৰ মাজত যি ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰা হৈছে তাকো শীঘ্ৰে ৰাজহুৱা কৰা হোৱা নাই। নাগালিমৰ দাবীৰে NSCN-এ যি মানচিত্ৰ প্ৰস্তত কৰিছে তাত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত হৈ আছে। কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব। অসমৰ মাটি যেনেকৈ বাংলাদেশক দিয়া হ'ল থিক তেনেকৈ অসমৰ মাটিও নাগালেণ্ডক দিবৰ কাৰণে অসম-ভাৰত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তিয়ে।
সৰ্বানন্দ সোণোৱাল চৰকাৰে এই সন্দৰ্ভত বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰি অসমৰ মাটি নাগালেণ্ডক দিয়া নহ’ব বুলি অসমৰ ৰাইজক নিশ্চিতি প্ৰদান কৰিব লাগে বুলিও কয় সংগঠনটোৱে। স্মৰ্তব্য যে, মণিপুৰ আৰু অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গোপন পত্ৰ প্ৰেৰণ কৰে। অসমৰ মাটি নাগিলিমত অন্তৰ্ভুক্ত হোৱাৰ আশংকাত অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম-মণিপুৰৰ বৃহৎ অংশ সামৰি লব পাৰে নাগালিমে। ইতিমধ্যে বৰদিনৰ দিনাই নাগাচুক্তি ৰাজহুৱা হব বুলি সংবাদমাধ্যমত প্ৰকাশ পাই আহিছে।