
চিচিবৰগাঁওঃ নামনি সোৱণসিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক লৈ পুণৰ সৰৱ হৈ উছিঠে ৰাজ্যৰ দল-সংগঠন৷ হেজাৰ হেজাৰ খিলঞ্জীয়াক দুৰ্যোগত পেলাই এন এইচ পি চিয়ে গোপনে নিৰ্মাণ কৰিবলৈ ওলোৱা গেৰুকামুখ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত পুনৰ জ্বলি উঠিছে প্ৰতিবাদৰ জুই৷
জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰতিবাদত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ, ধেমাজি, মাজুলি আৰু বিশ্বনাথ জিলা সমিতিয়ে আজিৰে পৰা এলানি ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে। উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত ধেমাজি জিলাৰ উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত যুৱ ছাত্ৰ পৰিষদ আৰু এন এইচ পি চি কৰ্তৃপক্ষৰ আলোচনাত যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াক যিকোনো সময়ত প্ৰকল্পস্থলীত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছিল৷
কিন্তু পৰৱৰ্তী সময়ত কেতবোৰ নিৰ্দিষ্ট স্থানলৈ যোৱাৰহে অনুমতি দিয়া হৈছিল যুৱ ছাত্ৰ পৰিষদক। এনে কাৰ্যৰ বাবেই এন এইচ পি চিৰ কাম কাজত সন্দেহ কৰি যুৱ ছাত্ৰ পৰিষদে কয় যে- অসমৰ ৰাইজে বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰা স্বত্বেও এন এইচ পি চিয়ে নিৰ্মাণ সামগ্ৰী গোপনে সৰবৰাহ কৰাই নহয়, বাতৰিকাকতত বিজ্ঞাপনৰ জৰিয়তে নিবিদাও আহ্বান কৰিছে। এনে পৰিপ্ৰেক্ষিতত যুৱ ছাত্ৰ পৰিষদে সকলো ব্যৱসায়িক গোষ্ঠীক নিবিদা বৰ্জন কৰাৰ লগতে নিৰ্মাণ সামগ্ৰী পৰিবহন কৰা ট্ৰান্সপৰ্ট কোম্পেনী সমূহক সামগ্ৰী পৰিবহন নকৰিবলৈ আহ্বান জনাইছে।
ইফালে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰা, বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত এন এইচ পি চিৰ মিথ্যাচাৰ আৰু চৰকাৰৰ বান্ধ লবী প্ৰীতিৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদে আজিৰে পৰা ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে৷ আজি যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শক্তি মন্ত্ৰী পিয়ুশ গোৱেল, এন এইচ পি চি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই জানিবলৈ দিয়ে যে- অহা ২১ অক্টোবৰত প্ৰতিখন আঞ্চলিক সমিতিত জোঁৰ সমদল, ২৫ অক্টোবৰত ২ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ২৭ অক্টোবৰত প্ৰকল্পস্থলী প্ৰদৰ্শন, ৩১ অক্টোবৰত সৰ্বদলীয় বৈঠক, ৫ নৱেম্বৰত সজাগতা সপ্তাহৰ লগতে এন এইচ পি চিৰ বিৰুদ্ধে দেৱাল লিখন, ১৫ নৱেম্বৰত ধেমাজি জিলাৰ গোগামুখৰ পৰা প্ৰকল্পস্থলীলৈকে সমদল যাত্ৰা কাৰ্যসূচী ৰুপায়ণ কৰা হ’ব৷
আজিৰ কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিৎ দাস, উপ সভাপতি প্ৰিয়াংকু চুতীয়া, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, সদৰ আঞ্চলিক সমিতিৰ সভাপতি ভূপেন দিহিঙীয়া, সাধাৰণ সম্পাদক দেৱজিৎ চুতীয়াকে ধৰি শতাধিক কৰ্মী উপস্থিত থাকে।