
আমগুৰিঃ ৬ টাকৈ বিভিন্ন দাবীৰে শদিয়াৰ ড০ ভূপেন হাজৰিকা সেতুৰ পৰা শৰাইঘাটলৈ বুলি পদ যাত্ৰা কৰা স্বাধীন নাৰী শক্তিৰ পদযাত্ৰী দলটো শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ পশ্চিম সীমাৰ জাঁজীত উপস্থিত হয়। যোৱা ৩ অক্টোবৰত শদিয়াৰ পৰা যাত্রা আৰম্ভ কৰা নাৰী সংগঠনটোৰ সদস্য সকলে প্ৰায় ২১০ কিলোমিটাৰ পথ পদব্ৰজে অতিক্রম কৰি শুকুৰবাৰে সন্ধিয়া ৮ বজাত জাঁজী পায়হি।
সংগঠনটোৰ কাৰ্য্যকৰী সভানেত্ৰী মৌচুমী বৰা আৰু সাংস্কৃতিক সম্পাদিকা গীতা বৰাৰ নেতৃত্বত অহা দুজনীয়া পদযাত্ৰী দলটোক শিৱসাগৰ নগৰৰ পৰা সহযোগ কৰে আহোম জাতীয় গণ মঞ্চৰ জিলা সম্পাদক পুলকেশ গগৈ আৰু আমগুৰিৰ যুৱ সমাজ কৰ্মী মুজিদ আলীয়ে।
জাঁজীৰ ঐতিহাসিক মাছখোৱা গড়ৰ সমীপত পদযাত্রী দলটোক আহোম জাতীয় গণ মঞ্চ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সংখ্যালঘু ছাত্ৰ ইউনিয়ন, সদৌ তাই আহোম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি বিভিন্ন দল সংগঠনে বিপুল আদৰণি জনায়।
শুকুৰবাৰৰ নিশাটো জাঁজীতে কটাই পদযাত্ৰী দলটো আজি দুপৰীয়া যোৰহাট জিলাত প্ৰৱেশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত স্বাধীন নাৰী শক্তিৰ নেত্রী মৌচুমী বৰাই অসমৰ খিলঞ্জীয়াৰ ঐক্য অধিকাৰ আৰু শান্তি ৰক্ষাৰ দাবীত, সাম্প্ৰদায়িক বিষবাষ্পৰ বিৰোধিতা, নাৰী নিৰ্যাতনৰ বিৰোধিতা, নাৰীক গৃহ শ্ৰমিক হিচাপে ঘোষণা কৰি বিশেষ ভাট্টা দিয়া, সুৰাৰ প্ৰচলন বন্ধ কৰাৰ লগতে অসমৰ জাতীয় প্ৰতীক গঁড়ৰ চিহ্ন সুৰাৰ বটলত ব্যৱহাৰ বন্ধ কৰাৰ দাবীত এই পদযাত্ৰা কৰা বুলি জানিবলৈ দিয়ে।