
গুৱাহাটীঃ প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ২৬ আৰু ২৭ অক্টোবৰত আয়োজন হ’বলৈ গৈ আছে ষট্ পূজা। মাছখোৱা স্থিত এলফ্ৰেস্কো ঘাটৰ পৰা শংকৰ উদ্যানলৈ বিস্তৃত ক্ষেত্রত অনুষ্ঠিত হ’ব এইবাৰৰ ষট্ পূজা আৰু লগতে সাংস্কৃতিক অনুষ্ঠান।
এইবাৰৰ অনুষ্ঠানৰ বিশেষ আকৰ্ষণ ভোজপুৰী গায়ক অনিল চৌধুৰী। ৪০ হাজাৰৰো অধিক মানুহৰ উপস্থিত কামনা কৰা এইবাৰৰ ষট্ পূজাৰ বাজেট ৮ লাখ টকা৷ সেয়ে সৰ্ব হিন্দুস্তানী যুৱ পৰিষদৰ ষট্ পূজা কমিটিয়ে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ ১ কোটি টকাৰ এক আবেদন জনায়৷
আজিৰ সংবাদ মেলখনত উপস্থিত থাকে সৰ্ব হিন্দুস্তানী যুৱ পৰিষদৰ সভাপতি সুভাস চন্দ্ৰ গুপ্তা, অসম ৰাজ্যিক সভাপতি শংকৰ সিং, গুৱাহাটী ষট্ পূজা কমিটিৰ সভাপতি নিত্যানন্দ উপাধ্যায় আৰু সদস্য বৃন্দ৷ চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই পূজা পাৰ্বণৰ মূল পূজা হ’ব ২৬ অক্টোবৰৰ সন্ধিয়া আৰু ২৭ অক্টোবৰৰ ৰাতিপুৱাৰ ভাগত৷