
গুৱাহাটীঃ অকণিৰ প্ৰিয় বন্ধুৰ সৌজন্যত এখনি গ্ৰন্থ উন্মোচনী আৰু পুৰস্কাৰ বিতৰণী সভা গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়।
সভাত উপস্থিত আছিল বিশিষ্ট কবি মীৰা ঠাকুৰ, বি বৰুৱা মহাবিদ্যালয়ৰ উপ অধ্যক্ষ জগৰেন্দ্ৰ ৰায়চৌধুৰী আৰু শিশু সাহিত্যৰ সচিব কল্যাণ কলিতা। কবি বীৰেণ শৰ্মাৰ কাব্যৰ পুথিৰ উন্মোচন কৰে মীৰা ঠাকুৰে।
লক্ষ্মীনাথ বেজবৰুৱাৰ ১২০ বছৰীয়া জয়ন্তী উপলক্ষ্যে অকণিৰ প্ৰিয় বন্ধু অনুষ্ঠানটিয়ে অসম ভিত্তিত এখনি ৰং ধেমালি নামৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। সেই প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানো একেলগে অনুষ্ঠিত হয়।