
কলিয়াবৰঃ সমাগত পোহৰৰ উৎসৱ দীপাৱলী। ৰাজ্যৰ চৌদিশে চলিছে দীপাৱলীৰ ব্যাপক প্ৰস্তুতি। নানা ধৰণৰ আতছবাজি আৰু আধুনিক ৰঙীণ লাইটৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমুহ। তাৰ সমান্তৰালকৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলো।
আলোকৰ উৎসৱ দীপৱলীলৈ মাজত মাথোঁ কেইটামান দিন। মাটিৰ চাকি অবিহনে যেন অসম্পূৰ্ণ হৈ ৰয় পোহৰৰ উৎসৱটি। তাৰ বাবেই এতিয়া মাটিৰ চাকি তৈয়াৰ কৰাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল।
ৰাজ্যৰ আন ঠাইৰ লগতে কলিয়াবৰৰ জখলাবন্ধাৰ কুমাৰপট্টিত এতিয়া ব্যাপক ব্যস্ততা মৃৎ শিল্পীসকলৰ মাজত। অঞ্চলটোৰ ১৫টাকৈ পৰিয়ালে পৰম্পৰাগতভাৱে পিতৃ-পিতামহৰ পদাংক অনুসৰণ কৰি নিয়োজিত হৈ আছে মাটিৰ সামগ্ৰী নিৰ্মাণৰ কামত।
পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত কেইটামান দিন বাকী থকাৰ সময়ত এতিয়া ভিন্ন আকাৰৰ মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে এইসকল মৃৎ শিল্পী। এই শিল্পটোত জড়িত জখলাবন্ধাৰ এই অঞ্চলটোৰ একোটাকৈ পৰিয়ালে তৈয়াৰ কৰিব ১০ পৰা ৩০ হাজাৰ চাকি। দীপাৱলীৰ উপলক্ষ্যে কলিয়াবৰৰ ৰাইজৰ বাবে জখলাবন্ধাৰ এইসকল মৃৎ শিল্পীয়ে তৈয়াৰ কৰিব প্ৰায় দুই লক্ষাধিক মাটিৰ চাকি।
যান্ত্ৰিকতাৰ ধামখুমীয়াৰ প্ৰতিকুলতাকো নেওচা দি এইসকল শিল্পী তৎপৰ চাকি তৈয়াৰ কৰাত। পিচপৰি ৰোৱা নাই মহিলা মৃৎশিল্পীয়ো। নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ ক্ষেত্ৰত পুৰুষৰ সমান্তৰালকৈ তৎপৰ মহিলাসকলো।
বজাৰত সুলভ কৃটিম চাকি-ৰঙীণ লাইটে কিছু পৰিমাণে হ্ৰাস কৰিছে মাটিৰ চাকিৰ চাহিদা। তথাপিও হ্ৰাস পোৱা নাই এইসকলৰ ব্যস্ততা। কৃটিম জাক-জমকতাৰ মাজতো মাটিৰ চাকি অবিহনে যেন অসম্পূৰ্ণ হৈ ৰয় পোহৰৰ উৎসৱটি। যাৰ বাবে অব্যাহত আছে এইসকল মৃৎশিল্পীৰ সাতামপুৰুষীয়া পৰম্পৰা।