বালিলেছা কালী দেৱালয়ত শ্যামা পূজাৰ আযোজন

নলবাৰীঃ নলবাৰী জিলাৰ বালিলেছাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী দেৱালয়ত ১৯ অক্টোবৰত বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শ্ৰী শ্ৰী শ্যামা ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ ১৯ অক্টোবৰৰ পূৱা ৭ বজাত পতাকা উত্তোলন, ৭-৩০ বজাত শ্বহীদ তৰ্পন, ৮ বজাত বৃক্ষৰোপন, ৯ বজাত জল অনায়ন, ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব ৰাইজে৷

দিনৰ ১ বজাত নাম কীৰ্ত্তন পৰিবেশন, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত আৰতি  প্ৰদান, ৬-৩০ বজাত বীৰ শ্বহীদ জোৱান সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি, ৬-৪৫ বজাত আতচবাজী প্ৰদৰ্শন, ৭ বজাত শ্ৰী শ্ৰী শ্যামা পূজা আৰম্ভ-ওজাপালি প্ৰদৰ্শন, নিশা ১১-৩০ বজাত পূজা সমাপণ আৰু প্ৰসাদ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ১২ বজাত ৰাজহূৱা ভোগ বিতৰণ কৰা হব৷ সমুহ কাৰ্যসূচীতে সদাশয়  ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগ তথা উপস্থিতি শ্ৰী শ্ৰী কালী দেৱালয় উন্নয়ন সমিতিৰ সভাপতি অজিত মহন্ত, উপ-সভাপতি তৰুন সেন ডেকা আৰু সম্পাদক জিতু মনি ডেকাই কামনা কৰিছে৷