
বেতবাৰীঃ টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত ১২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা টাই ভাষাৰ তিনি দিনীয়া কৰ্মশালাখনি আজি সফল সামৰণি পৰে।
সামৰণি অনুষ্ঠানত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই বক্তব্য ৰাখি প্ৰসংগ ক্ৰমে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ Act east policyৰ ৰূপায়ণ হ’লে ব্যৱসায়-বাণিজ্য, শিক্ষা, আন্তৰ্জাতিক সম্পৰ্ক আদিত 'টাই ভাষা'ই মূখ্য ভূমিকা ল'ব আৰু দক্ষিণ-পূৱ এছিয়াৰ সৈতে উত্তৰ-পূৱ তথা ভাৰতৰ সম্পৰ্ক স্থাপন কৰিবলৈও টাই ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা লব৷
লগতে টাইপাৰ শিৱসাগৰ জিলাৰ সভাপতি তথা নামতি চুকাফা টাই একাডেমীৰ প্ৰধান শিক্ষক দীগন্ত তামুলীয়েও কয় যে- অসমীয়া ভাষাৰ দৰে টাই ভাষাৰো নিজা লিপি আছে। গতিকে নিজা লিপি থকা অসমৰ এটি প্ৰাচীন ভাষাটোৰ ক্ষেত্রত চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে৷
সামৰণি অনুষ্ঠানটোত টাই ভাষাৰ কৰ্মশালাত অংশগ্ৰহণ কৰা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক পাৰদৰ্শিতাৰ প্ৰমাণ পত্র প্ৰদান কৰা হয়। কৰ্মশালাটোত উপস্থিত থাকি তিনি দিনকৈ অনুষ্ঠিত কৰ্মশালাখনিত সহযোগিতা আগবঢ়ায় টাইপাৰ জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক দুলাল বৰুৱা আৰু টাইপাৰ নামতি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিত তামুলীয়ে।
অন্যান্য ক্ষেত্রত সহযোগিতা কৰে জিলা সমিতিৰ উপ সভাপতি মানবেন্দ্ৰ গগৈ, সহঃ সম্পাদক জয়ন্ত বৰগোহাঁই, প্ৰচাৰ সম্পাদক হিমাংশু গগৈ, সাংগঠনিক সম্পাদক পলাশজ্যোতি গগৈয়ে৷ আজিৰ সামৰণি অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকী অধ্যাপকৰ লগতে ছাত্ৰ একতা সভাৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।