দীপাৱলীৰ নিশা পোহৰ কৰিবলৈ সাজু নলবাৰীৰ মৃৎ শিল্পী

নলবাৰীঃ দীপাৱলীলৈ মাজত মাথো তিনিদিন৷ তিনিদিন পিছত জিলিকি উঠিব দেশ৷ অসমতো ব্যাপত প্ৰস্তুতি চলিছে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰষ পিছ পৰি থকা নাই নলবাৰীৰ জিলাও৷

জিলাখনৰ মৃৎ শিল্পী সকলে পোহৰৰ উৎসৱ দীপাৱলীৰ নিশা পোহৰ কৰিবলৈ সাজু হৈ উঠিছে৷ লক্ষ লক্ষ মাটিৰ চাকি সাজু কৰিছে জিলাখনৰ মৃৎ শিল্পী সকলে৷ নলবাৰী জিলাৰ বাহঁজানীৰ চৰিয়া আৰু কুলবিল গাঁৱৰ একাংশ লোক এতিয়া দিনে-ৰাতি ভীষণ ব্যস্ত৷

দীপাৱলীৰ বাবে ১০ লক্ষ মাটিৰ চাকি সাজু কৰিছে মৃৎ শিল্পীসকলে৷ চৰিয়া গাঁৱৰ উপেন দাস, নাৰায়ন দাস, বিহূৰাম দাস, প্ৰফুল্ল দাস, দীনেশ দাস, বিনন্দ দাস, মহেশ দাস, কনক দাস, কৰ্ণ দাস, হৰিন দাস, ধনেশ্বৰ দাস, দমহু দাস আদি লোক সকলে এই শিল্পটোৰ লগত জড়িত থাকি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷

বিশেষকৈ জিলাখনৰ চৰিয়া আৰু কুলবিলৰ দুখীয়া মৃৎ শিল্পীয়েই ইতিমধ্যে ১০ লক্ষৰো অধিক মাটিৰ চাকি বিক্ৰীৰ বাবে তৈযাৰ কৰিছে।