অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ বাছত আক্ৰমণ, ৰাজ্যৰ তিনি ঠাইৰ চাৰি যুৱকক আটক

গুৱাহাটীঃ অৱশেষত ধৰা পৰিল অষ্ট্ৰেলিয়াৰ খেলুৱৈই কঢ়িযাই অনা বাছত শিল দলিওৱা অভিযুক্ত৷ মহানগৰ আৰক্ষীয়ে যোৱা ৪ দিনে চলোৱা অভিযানৰ অন্তত সফল হ’ল শনিবাৰে নিশা৷ আৰক্ষীয়ে এজন নাবালক সহ চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ তিনিগৰাকী গুৱাহাটী মহানগৰৰ মাজ-মজিয়াৰ আৰু এগৰাকী ছয়গাঁৱৰ যুৱক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷গড়চুক আৰক্ষী খানাত যুৱককেইজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। মনোজ মেধি নামৰ যুৱকজনে শিল দলিওৱা বুলি জানিব পৰা গৈছে।

১০ অক্টোবৰৰ নিশা প্ৰায় ১১-২০ বজাত সংঘটিত এই ঘটনাই লজ্জানত কৰিছিল অসমীয়া জাতিক৷ মহানগৰীৰ মাজ মজিয়াৰ লখৰাৰ সাউকুছিত সংঘটিত এই ঘটনাৰ সৈতে দুগৰাকী স্থানীয় যুৱকো জড়িত আছে৷ তেওলোককো ইতিমধ্যে আৰক্ষীয়ে জালত পেলাইছে৷ উক্ত নিশা তেওলোকে পথৰ দাতিৰ পৰা শিল বুটলি এন্ধাৰৰ সুযোগ লৈ শিল দলিওৱা বুলি স্বীকাৰ কৰাৰ কথাও আৰক্ষীয়ে প্ৰকাশ কৰে৷

নিশা প্ৰায় ১১-২০ বজাত মহানগৰীৰ ব্যস্ত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ লখৰাত সংঘটিত এই ঘটনাৰ পিছতে ৰাজ্যৰ আৰক্ষী প্ৰশাসন সস্তম হৈ পৰে৷ ঘটনাৰ পিছতে মহানগৰ আৰক্ষীয়ে তিনিটাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল৷ ইয়াৰ মাজতে ১২ অক্টোবৰত আৰক্ষীয়ে অভিযান চলাই এগৰাকী ট্ৰাক চলক আৰু হেণ্ডিমেনক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰে৷ ৰাকেশ হাজোৱাৰী নামৰ ট্ৰাক চালক আৰু পবিত্ৰ ক্ষেত্ৰীয় নামৰ হেণ্ডিমেনজনক ট্ৰাক থৈ ঘৰলৈ গৈ থকাৰ সময়তে গড়চুক আৰক্ষীয়ে সাউকুছিৰ পৰা আটক কৰে৷

আৰক্ষীয়ে কোনো প্ৰমাণ নোহোৱাকৈ চালক-হেণ্ডিমেন জনক আটক কৰা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল৷ মঙলবাৰে কাৰ কি খেল আছিল তেওলোকে নাজানে বুলি কৈ উক্ত দিনা তেওলোকে যোৰাবাটত No Entryত ৰৈ থাকিব লগা হৈছিল বুলি কয় চালক-হেণ্ডিমেনৰ পৰিয়ালে৷ মহানগৰীৰ বৰ্ষাপাৰাত মঙলবাৰে অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচখন সমাপ্ত হোৱাৰ পিছতে এই ঘটনা সংঘটিত হয়৷

ভাৰত-অষ্ট্ৰেলিয়াৰ তিনি দিনীয়া শৃংখলাৰ দ্বিতীয় টি-২০ মেচখন সমাপ্ত হোৱাৰ পিছতে ৰাজ্য প্ৰশাসনে এখন বিশেষ বাছেৰে খেলুৱৈক হোটেললৈ আনি থকাৰ সময়তে লখৰাৰ জনবসতি এলেকাত বাছ খনত শিল দলিয়াই বাছখনৰ এখন খিৰিকিৰ আইনা ভাঙি পেলায়৷ অষ্ট্ৰেলিয়াৰ খেলুৱৈই Aaron Finchএ খোদ ফেচবুক পেজ আৰু টুইটাৰত ফটো সহ কেপচন লিখি আপলোড কৰাৰ পিছতহে ঘটনা পোহৰলৈ আহে৷

Aaron Finchএ ফেচবুকত আপলোড দিয়াৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ ব্ৰেকিং নিউজ হৈ পৰে। খেলুৱৈইগৰাকীয়ে এই পোষ্ট দিয়াৰ পিছতে ৰাজ্যৰ সচেতন মহল চিন্তিত হৈ পৰে৷ এই ঘটনাই অসমীয়াৰ স্বাভিমানত আঘাত হানে৷ ক্ৰীড়াৰ এক বৰ্নিল তথা গৌৰৱৰ অধ্যায় আৰম্ভণি হোৱাৰ সময়তে এনে কাণ্ডই আঘাত দিছে অসমীয়াক৷ নিজৰ দেশৰ দলে পৰাজয় বৰণ কৰাৰ যন্ত্ৰণা সহিব নোৱাৰি শিল দলিয়াই দেশ প্ৰেম দেখুৱাবলৈ গৈ অসমীয়াক অপমান কৰিছিল৷