গৌৰীপুৰত মন্দিৰৰ দুৱাৰমুখত ওলমিল গৰুৰ কটা ঠেং

ধুবুৰীঃ ৰাজ্যত পুনৰ ধৰ্মীয় অনুভূতিক আঘাত হানি ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ চেষ্টা দুস্কৃতিকাৰীৰ৷ এইবাৰ মন্দিৰৰ সন্মূখত ওলমিল গৰুৰ ঠেং৷ দাউভাঙীৰ ৰতন সৰকাৰ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ সন্মুখত নতুনকৈ নিৰ্মাণ কাম চলি থকা মন্দিটোৰ সন্মুখত কোনো দুস্কৃতিকাৰীয়ে নিশাৰ এন্ধাৰৰ সুযোগ লৈ গৰুৰ কটা ভৰি দুখন ওলমাই থৈ যায়৷

পুৱা ৰতন সৰকাৰে মন্দিৰৰ সন্মুখত গৰুৰ কটা ভৰু প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীক খবৰ দিয়ে৷ পাছত ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষীকে ধৰি গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু গোলকগঞ্জ চক্ৰ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷

হিন্দু-মুছলমানৰ মাজত কোনো দুস্কৃতিকাৰীয়ে সংঘাত সৃষ্টি কৰিব বিচৰা কাৰ্যক লৈ অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ হিন্দু-মুছলমানৰ মিলনভূমি দাউভাঙীত এনে দুস্কাৰ্য সংঘটিত কৰা ব্যক্তিক অতি শীঘ্ৰে আটক কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে৷

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি দাউভাঙী উপ আৰক্ষী চকীত আৰক্ষীৰ মাজত এখন আলোচনা বৈঠক অনুষ্ঠিত কৰা হয়৷ আৰক্ষীয়ে দুস্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে৷