আলোপতিচৰত অজগৰ উদ্ধাৰৰ পাছতো খবৰ নাই ব বিভাগৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰত কিছুসময় আগত স্থানীয় ৰাইজে এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰে৷ প্ৰায় ৯ ফুট দীঘল অজগৰ ডাল উদ্ধাৰ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে৷

কিন্তু অজগৰ ডাল উদ্ধাৰ কৰা খবৰ প্ৰেৰণ কৰাৰ পাছতো ঘটনাস্থলীত বন বিভাগৰ কোনো এজন কৰ্মী উপস্থিত নহোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

বন বিভাগৰ কাণ্ড জ্ঞানহীন কাৰ্যক তীব্ৰ গৰিহনা দিয়ে স্থানীয় ৰাইজে৷