
ছিপাঝাৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো বাকী আৰু তিনি দিন৷ দীপাৱলীৰ এই প্ৰাক ক্ষণত দিন ৰাতিৰ সীমাহীন ব্যস্ততাৰে মাটিৰ চাকি নিৰ্মাণ কৰিছে ছিপাঝাৰৰ মৃৎ শিল্পী সকলে৷
পৰম্পৰাগত ভাৱে এই সকল মৃৎ শিল্পীয়ে ইয়াৰ জৰিয়তে পেটৰ ভাত মোকলাই আহিছে৷ দীপাৱলীত মাটিৰ চাকি বিক্ৰী কৰি দুইপইছা উপাৰ্জনৰ বাবে এতিয়া তেওঁলোকে চাকত হাজাৰ হাজাৰ মাটিৰ চাকি নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে৷
যি সময়ত চীনৰ সামগ্ৰীৰে ৰাজ্যৰ দিপাৱলীৰ বজাৰ ভৰি পৰিছে তাৰ বিপৰীতে এই মৃৎ শিল্পী সকলে চীনৰ সামগ্ৰী বৰ্জন কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে৷