আমগুৰিত দুই সংগঠনৰ পথ অৱৰোধ

আমগুৰিঃ এহাতে অবৈধ বাংলাদেশীৰ সমস্যা, আনহাতে চুবুৰীয়া ৰাজ্যই অসমৰ ভূখণ্ডক সামৰি বৃহৎ ৰাজ্য গঢ়াৰ সপোন ৰচিছে। এনে ক্ষেত্ৰত অসম আৰু অসমীয়াৰ ভবিষ্যতক লৈ শংকিত হৈ পৰিছে জাতীয় দল-সংগঠনসমূহ৷

গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ চৰম অমনোযোগিতা-অসহযোগিতা আৰু গোপনীয় ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত শংকিত সীমান্তবাসীয়ে এতিয়া প্ৰতিবাদৰ ভাষাকেই নিজৰ সুৰক্ষাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে৷

যাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী আমগুৰিৰ হালোৱাটিঙত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে দুই জাতীয় সংগঠনে৷ অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙৰ দুই ৰাজ্যৰ সীমাত আহোম জাতীয় গণমঞ্চ আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত লোৱা দুঘণ্টীয়া পথ অৱৰোধ কাৰ্য্যসূচীত আন কেইবাটাও সংগঠনে সহযোগ কৰে৷

কেন্দ্ৰীয় চৰকাৰ আৰু এন এচ চি এন (আই এম)ৰ মাজত সম্পাদিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰা, অসমৰ ভূখণ্ডক সুৰক্ষিত কৰাকে আদি কৰি কেইবাটাও দাবীত সংগঠনকেইটাই পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে৷ দুঘণ্টীয়া পথ অৱৰোধৰ ফলত নাগালেণ্ড আৰু অসমৰ মাজত চলাচল কৰি থকা বহু সংখ্যক যান বাহন আবদ্ধ হৈ পৰে৷

সংগঠন কেইটাই ৰাজ্য চৰকাৰে অসমৰ ভূখণ্ডক অন্য ৰাজ্যৰ হাতত সপি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ষড়যন্ত্ৰত সহযোগ কৰা কাৰ্য্যক কোনো প্ৰকাৰে সহ্য কৰা নহ'ব আৰু প্ৰয়োজন হ’লে সীমান্তৱৰ্তী এলেকাত ইয়াতকৈও তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি সকীয়নি প্ৰদান কৰে৷