হোজাইত শৰতৰ এসন্ধ্যা

মোৰাঝাৰঃ দক্ষিণ নগাঁওৰ অন্যতম অসমীয়া ভাষা সাহিত্যৰ ধ্বজা বহন কৰি হোজাই সাহিত্য সভাই শনিবাৰে সন্ধিয়া ‘শৰতৰ এসন্ধ্যা’ নামৰ এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰে। হোজাই সহিত্য সভাৰ সভাপতি হেম বৰুৱাৰ সঞ্চলনাত অনুষ্ঠিত এই অনুষ্ঠানত সভাৰ সম্পাদক বিনোদ বিহাৰী সিংহই উদ্দেশ্য ব্যাখ্যা কৰে।

হোজাইৰ প্ৰতিষ্ঠিত সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক, সাংবাদিক তথা শিক্ষাবিদ ড০ সাৰদানন্দ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভ কৰে। সাহিত্যৰথী বেজবৰুৱাৰ জন্ম তিথি উপলক্ষ্যে এই অনুষ্ঠানৰ উপস্থিত সকলোৱে প্ৰাৰম্ভতে বেজবৰুৱাৰ প্ৰতিকৃতিত পুষ্পঞ্জলি অৰ্পণ কৰে।

হোজাই সাহিত্য সভাৰ বাণীকান্ত কাকতি ক্ষেত্ৰৰ ৰূপকোঁৱৰ কলা ভৱনত আয়োজিত এই আনুষ্ঠান পৰিচালনা কৰে কবি ৰাজীৱ হুছেইনে। সাহিত্যিক ড০ সাৰদানন্দ দেৱগোস্বামীয়ে অনুষ্ঠানৰ আৰম্ভণিতে অতীত বৰ্তমান আৰু ভৱিষ্যতক সামৰি স্বৰচিত কেইটিমান লিমাৰিক আৰু কবিতা পাঠ কৰে।

অনুষ্ঠানত ৰাজীৱ হুছেইন, বিমল প্ৰধান, খগেন্দ্ৰ দহাল, যাদৱ ভাণ্ডাৰী, অলকা শৰ্মা, আমল কলিতা, ৰেখা লস্কৰ বৰা, শ্ৰীমন্ত মাধৱ শৰ্মা, এম জামলুদ্দিন, কল্পনা দেৱী গোস্বামী, কমলেশ্বৰ কলিতা, আব্দুল হাচিব, হেম বৰুৱা আদিয়ে কবিতা পাঠ কৰাৰ লগতে ভাস্বতী গোস্বামী, জোনমণি নাথ, আয়শ্ৰী মোহন, শংকৰ মিত্ৰ, উপেন সিং আদিয়ে গীত পৰিবেশন কৰে। গীতৰ বাদ্যযন্ত্ৰত ৰবি মজুমদাৰ, বিজিত ভত্যাচাৰ্য, ইতি পালে সহযোগ কৰে।

প্ৰতি বছৰে হোজাই সাহিত্য সভাই এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে যদিও এইবাৰ উদ্যোক্তা সকলৰ বিফলতাৰ বাবে উপস্থিতিৰ সংখ্যা তেনেই নগণ্য আছিল।