তেজপুৰৰ খা-খবৰ

সহায় লাগে কণমানি পল্লৱীক                        

এটি তিনি বছৰীয়া কনমানি শিশু। থুনুক থানাক মাতেৰে পদ্য মতাৰ বয়সতে শিশুটিয়ে যুঁজ দিব লগীয়া হৈছে জীৱনৰ সতে৷ অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ পল্লৱী তান্ত্ৰী নামৰ শিশুটি আক্ৰান্ত হৈছে ব্ৰেইন টিউমাৰত৷ ইফালে দিন হাজিৰা কৰি জিৱীকা অৰ্জন কৰা পৰিয়ালটোৱে গোটাব পৰা নাই ডাক্তৰে শুনোৱা চিকিৎসাৰ খৰচ৷ যাৰ ফলত তিল তিলকৈ জীৱনৰ পৰা বিদায় লোৱা শিশুটিৰ সন্মুখত দুখত ভাগি পৰিছে পিতৃ-মাতৃ৷ উপায়হীন পিতৃ-মাতৃয়ে এতিয়া সুহৃদ লোকৰ সহায় কামনা কৰিছে৷ 

 


চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাই তপন উদ্ভাৱন  

তেজপুৰঃ দীপাৱলীৰ প্ৰাকক্ষণত চীনা সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ৷ শত্ৰু দেশ চীনে ভাৰতৰ বিভিন্ন উৎসৱৰ সময়ত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি ৰমৰমীয়া ব্যৱসায় কৰি অাহিছে৷ ইফালে দীপাৱলীৰ প্ৰাকক্ষণত সচেতন মহলে চীনা সামগ্ৰী বৰ্জনৰ বাবে দেশবাসীক অনুৰোধ জনাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাই তেজপুৰৰ এজন যুৱকে উদ্ধাৱন কৰিছে কেতবোৰ ঘৰুৱা নিৰ্মিত সামগ্ৰী৷ তেজপুৰৰ কুণ্ডৰবাৰীৰ তপন বৰুৱা নামৰ লোকজনে পেলনীয়া বটল, আৰু বৈয়াম ব্যৱহাৰ কৰি সাজি উলিয়াছে আলোকিত লেম্প৷ সুন্দৰকৈ সাজি উলিওৱা তপনৰ এই লেম্পবোৰে মানুহক সহজতে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

তেজপুৰত বিৰল প্ৰজাতিৰ কাছ আৰু কেকো উদ্ধাৰ            

তেজপুঃ তেজপুৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰজাতিৰ সাপ উদ্ধাৰ হৈ আহিছে৷ তেজপুৰত আজি পুনৰ এটি বিৰল প্ৰজাতিৰ কাছ আৰু এডাল কেকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেজপুৰৰ বাম পৰ্বতীয়া বামুন চুবুৰিৰ এজন লোকৰ ঘৰত প্ৰকাণ্ড কাছতো প্ৰত্যক্ষ কৰি স্থানীয় লোকে সৰ্পবন্ধু সৌৰভ বৰকটকীক খৱৰ দিয়াত বৰকটকীয়ে উদ্ধাৰ কৰি কাছটো বন বিভাগক চমজাই দিয়াৰ ব্যৱস্থা কৰে৷ ইফালে তেজপুৰত আজি এডাল কেকো সাপ উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়া হয়৷