
দলংঘাটঃ সন্মুখত পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰাকক্ষণত দিন ৰাতিৰ সীমাহীন ব্যস্ততাৰে মাটিৰ চাকি তথা দীপাৱলীৰ অন্যান্য সামগ্ৰী নিৰ্মাণ কৰিছে ছিপাঝাৰৰ মৃৎ শিল্পীসকলে। পৰম্পৰাগত ভাবে এই সকল মৃৎ শিল্পীয়ে ইয়াৰ জড়িয়তে পেটৰ ভাত মোকলাই আহিছে।
দীপাৱলীত মাটিৰ চাকি বিক্ৰী কৰি দুপইচা উপাৰ্জনৰ বাবে এতিয়া তেওঁলোকে চাকত হাজাৰ হাজাৰ মাটিৰ চাকি নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। যি সময়ত চীনৰ সামগ্ৰীৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে, তাৰ বিপৰীতে এই মৃৎ শিল্পী সকলে চীনৰ সামগ্ৰী বৰ্জন কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে।
বিশেষকৈ দেওমৰনৈ, কুমাৰপাৰা, বটাবাৰী, চেঙাপাৰা, মেদাহিৰাপাৰা আদিৰ মৃৎ শিল্পীসকলে জীৱিকা নিৰ্বাহ কৰি অহাটো লক্ষণীয়। এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকক চৰকাৰী সাহায্য প্ৰদান কৰি উন্নয়নত গুৰুত্ব দিব বুলি আশা কৰিছে মৃৎ শিল্পীসকলে৷