কেতেকীবাৰী জ্ঞানদা সংঘৰ ফাইনেলত প্ৰৱেশ

তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় তৰণী মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কেতেকীবাৰী জ্ঞানদা সংঘই ফাইনেলত প্ৰবেশ কৰিছে৷

আজি অনুষ্ঠিত উত্তেজনা পূৰ্ণ প্ৰথমখন চেমি ফাইনেল খেল নিৰ্দ্ধাৰিত সময়ত গল শুণ্য ভাবে সমাপ্ত হোৱাত পৰবৰ্তী সময়ত ট্ৰাইব্ৰেকাৰ পদ্ধতিত ৪-৩ গলৰ ব্যৱধানত দলটোৱে প্ৰতিদণ্ডী চামতা মিলনজ্যোতি সংঘক  পৰাস্ত কৰিবলৈ সক্ষম হয়৷

খেল খন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলি আহমেদ, উমেশ শালৈ, জয়ন্ত মাধব দাস আৰু দিগাম্বৰ কলিতাই। আনহাতে মঙলবাৰে আনখন চেমি ফাইনেলত এলেভেন ষ্টাৰ তৰণীৰ বিপৰীতে হাজো মিলনজ্যোতি সংঘই অৱতীৰ্ণ হ’ব৷