
গোৰেশ্বৰঃ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰত সোমবাৰে নিশা আৰক্ষীয়ে নহয় অভিযান চলাই কেবাটাও ছাত্ৰ সংগঠনে৷ অভিযান চলাই চালানবিহীন ভাবে শিল-বালি কঢ়িওৱা এখন ট্ৰাক জব্দ কৰে সংগঠন কেইটাই। গোৰেশ্বৰ অঞ্চলিক আছু, আক্ৰাছু, বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীয়ে জব্দ কৰে ট্ৰাক খন৷ জানিব পৰা মতে, বগামাটিৰ পৰা শিল কঢ়িয়াই আনিছিল ট্ৰাক খনে।
২ নং গোৰেশ্বৰত(চুমাপাৰা) সংগঠনকেইটাই জব্দ কৰে AS-01-Y-4325 নম্বৰৰ ট্ৰাকখন৷ বগামাটিৰ পৰা শিল, বালি আদি চালানবিহীন ভাৱে অহৰহ কঢ়িয়াই থকাৰ পিছতো প্ৰশাসন-আৰক্ষী নিমাতী কইনা হৈ থকা দেখা যায়৷ কোনো দিনে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাায়। আন এক তথ্য মতে বনবিভাগৰ বিট অফিচৰ পৰা এদিন চালান কাটি দুদিনলৈ শিল বালি আদি গোৰেশ্বৰৰ বাহিৰলৈ কঢ়িয়াই থকাৰো অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনে।
ইপিনে যোৱা নিশা বন বিভাগৰ গোৰেশ্বৰৰ ভোগপুৰৰ বিট অফিচত ২৫০ টকা দি চালানবিহীনভাৱে দি অহাৰ কথা প্ৰকাশ কৰে ট্ৰাকৰ চালকে৷ বাইহাটা চাৰিআলি-ৰামগাঁও-নাগ্ৰিজুলি পথেৰে নিতৌ এনেদৰে শিল বালি অবৈধভাৱে কঢ়িয়াই থকাত অতিষ্ঠ হৈ পৰিছে সচতন মহল।