ৰঙিয়াত এইবাৰ ইৰাণীয়ে লুটিলে শিক্ষকক

ৰঙিয়াঃ যোৱা কেইবামাহ ধৰি ৰঙিয়াত ইৰানীৰ গ্ৰুপৰ সন্ত্ৰাস অব্যাহত আছে৷ মাথো এমাৰ পুৰ্বে ইৰাণী গ্ৰুপে এজক লোকক লুটি নিয়াৰ পিছত মঙলবাৰে পুনৰ এজন শিক্ষকৰ পৰা লুটি নিলে ১ লাখ টকা৷ ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ৰঙিয়া শাখাৰ গ্ৰাহক আছিল শিক্ষকজন৷

জানিব পৰা মতে, ৰঙিয়া মহকুমাৰ পানাৰা গাঁৱৰ দিপক চন্দ্ৰ ডেকা নামৰ শিক্ষকজনে পত্নী মন্দিতা কলিতাৰ একাউন্টৰ পৰা আবেলি প্ৰায় তিনি বজাত এক লাখ টকা উলিয়াই। পত্নীৰ চিকিৎসাৰ বাবে বেংকৰ পৰা টকা খিনি উলিয়াই বেংকৰ পৰা কিছু দূৰ যোৱাৰ পিছতে এজন যুৱকে দেহত জুলীয়া পদাৰ্থ ছটিয়াই দিয়ে৷

ৰঙিয়া চহৰৰ ৰাজু মাৰ্কেটত পিছ ফালৰ পৰা শিক্ষকজনৰ গাত ছটিয়াই দিয়াৰ পিছত আন এজন যুৱকে শিক্ষকগৰাকীক আহি মাত দিয়ে৷ কাপোৰত লাগি থকা দাগ সমূহ ধুই লবলৈ কয়। যুৱক জনৰ কথা মতে শিক্ষক জনে গাত লাগি থকা সামগ্ৰী খিনি ধুৱলৈ ধৰোতে টকাৰ বেগটো লৈ উধাওঁ হয় যুৱকজন।

লগে লগে শিক্ষক জনে হুৱা-দুৱা লগাই যদিও যুকজনে টকা লৈ বতাহৰ সৈতে মিলি যায়৷ কিছু সময় পিছতে ৰঙিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে শিক্ষকজনে। নাঁওকাটা হাইস্কুলৰ শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে তেওঁৰ বেগটোত এক লাখ টকাৰ লগতে এখন এটিএম কাৰ্ড, এখন পানকাৰ্ড, ভোটাৰ আই ডিৰ লগতে আন কেইবাখনো গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল।