ডেংগু জ’ন নুনমাটি, প্ৰাণ গ’ল আৰু এজনৰ

গুৱাহাটীঃ মহানগৰীৰ ননুমাটিত কোনেও সাৰি যাব পৰা নাই ডেংগুৰ পৰা৷ আৱাল, বৃদ্ধ বনিতাৰ পৰা ডেকালৈকে, ছাত্ৰ পৰা ব্যৱসায়ীলৈকে কোনেও সাৰি যাব পৰ নাই৷ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰ ডেংগু ৰোগৰ জ’নত পৰিণত হৈছে থিক তেনেকৈ মহানগৰীৰ ভিতৰত নুনমাটি পৰিণত হৈছে ডেংগু জ’নত৷ নুনমাটি শোধানগৰৰ প্ৰায় ২৮গৰাকী কৰ্মচাৰীৰ লগতে জ্যোতিনগৰ, নেপালি চ’ক আদিত প্ৰতি ঘৰৰ একোজন নহয় একোজন লোক ডেংগু ৰোগত আক্ৰান্ত হৈছে৷

মহামাৰীৰ ৰবপ ধাৰণ কৰিছে ডেংগুই৷ তাৰ মাজতে মঙলবাৰে নুনমাটিৰ দেৱজিত্‍ শইকীয়া নামৰ এজন লোকজনৰ প্ৰাণ লয় ডেংগুই। দেৱজিত্‍ শইকীয়াক লৈ এতিয়ালৈকে নুনমাটিত ডেংগুত মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ল ৪জনলৈ৷ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে নিৰ্লিপ্ততাৰ অভিযোগত এনেদৰে মানুহ প্ৰাণ যোৱাৰ অভিযোগ উত্থাপন হৈছে।গুৱাহাটী মহানগৰীত এতিয়া ডেংগুৰ আতংক৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেংগু ৰোগে মহামাৰিৰ ৰূপ ধাৰণ কৰিছে যদিও গুৱাহাটী মহানগৰীৰ চুকে কোনে শ শ ডেংগু ৰোগী ধৰা পৰিছে৷ একপ্ৰকাৰ ৰাজ্যৰ ৰাজধানী এতিয়া ডেংগু জ’নত পৰিণত হৈছে৷ তাৰ পিছতো ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ যোৱা কেইবাটাও বছৰ ধৰি এই সময় খিনিত ডেংগু ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰে যদিও জিলা প্ৰশাসন, চৰকাৰ, জিএমচি, জিএমডি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থকা দেখা নাযায়৷

যেতিয়া ডেংগুত আক্ৰান্ত হৈ দুই তিনিজন লোক মৃত্যুমুখত পৰে তেতিয়া হে সাৰ পায় প্ৰশাসন কিম্বা চৰকাৰ৷ বৰষুণ এৰাৰ লগে লগে নলা-নৰ্দমা পৰিস্কাৰ কৰাৰ লগতে মহ খেদা তথা মৰাৰ ব্যৱস্থা কৰা দেখা নাযায়৷ ইতিমধ্যে তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে শ শ লোক ডেংগু ৰোগী ধৰা পৰে মহানগৰীত৷ বিশেষকৈ মহানগৰীৰ বিষ্ণুৰাভা নগৰ, গনেশ নগৰ, বিজয় নগৰ, ভৱানীপুৰ, খাৰঘুলি, বামুনিমৈদাম, নুনমাটি, নাৰেংগী, খানাপাৰা, উজানবজাৰ, কাহিলীপাৰা, লালগনেশ, চান্দমাৰী, জ্যোতিনগৰ, পাথৰ কুৱেৰী, ছয়মাইল আদি ঠাইত বহু লোক আক্ৰান্ত হৈছে ডেংগুত৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, পানবজাৰ এমএমচিত বহু ৰোগীয়ে হাহাকাৰ কৰিব লগা হয়৷ কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ আন আন প্ৰান্ততো ডেংগু ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰে যদিও গুৱাহাটী মহানগৰীত ডেংগু ৰোগীৰ সংখ্যা অত্যাধিক৷ ডেংগু ৰোগে একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজধানীত৷