অভিশপ্ত ছাৰ্চিম-প্ৰিছেকৰ হত্যাকাণ্ড ১২ বছৰ, দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলী

ডিফুঃ ১৭ অক্টোবৰ আহিলে তেওলোকৰ বুকু কপি উঠে৷ আপোন মানুহক হেৰুৱাৰ বেদনাত আজিও তেওলোকে ছটফটাই৷ ২০০৫ চনৰ কাৰ্বি আংলংৰ ছাৰ্চিম-প্ৰিছেকৰ অবৰ্ণনীয় নৃশংস গোষ্ঠীগত সংঘৰ্ষৰ বলি হৈ প্ৰাণ হেৰুওৱা ৪১গৰাকী কাৰ্বি পুৰুষ-মহিলাৰ হত্যাকাণ্ডৰ মঙলবাৰে ১২ বছৰ অতিক্ৰম কৰিলে৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ কলা অধ্যায় আছিল সেই দিনটো৷ সেই ভয়াবহ দিনৰ স্মৃতি সোৱৰি আজিও কান্দি উঠে তেওলোক৷ ৪১গৰাকী শ্বহীদক আজি কাৰ্বি ভূমিৰ লোকে স্মৰণ কৰে৷

বিভিন্ন ঠাইত শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷ ২০০৫চনৰ কাৰ্বি পাহাৰত সংঘটিত কাৰ্বি-ডিমাছাৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত পশ্ছিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিছেক নামৰ ঠাইত দুৰ্বৃত্তই যাত্ৰীবাহী বাছ এখন ৰখাই ৪১ জনকৈ কাৰ্বি পুৰুষ-মহিলাক ডিঙি ৰেপি দাৰে ঘপিয়াই নৃশংস ভাবে হত্যা কৰিছিল৷ সেই বীভৎস ঘটনাৰ আজিও কাৰ্বি ৰাইজে পাহৰিব পৰা নাই ৷

পাহাৰীয়া জিলাখনত প্ৰতি বছৰত ১৭ অক্টোবৰত শোক পালন কৰি আহিছে৷ শ্বহীদ সকলৰ স্মৃতি সৌধত এইছ টি এলৰ আহ্বায়ক ছয়চিং ৰংপি, বিধায়ক মানচিং ৰংপি, কাৰ্বি স্বায়ত্ত পৰিষদৰ এমএচি ৰাণা তেৰাংপী আৰুপৱন কুমাৰ, এ আই কে এছ ইউৰ সভাপতি ইনুছ তিমুঙ, সম্পাদক বিক্ৰম হাঞ্চে, কে এন এল এফৰ অধ্যক্ষ পি দিলি, ২৪+সংগঠনৰ আহ্বায়ক জে আই কাথাৰ আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত হৈ ধূপ-ধুনা, পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শ্বহীদ সকলৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাথনা জনোৱাৰ লগতে শোক পালন কৰে৷ আনহাতে সন্ধিয়া প্ৰতিটো পৰিয়াল ব্যৱসায়প্ৰতিষ্ঠান আৰু গৃহত শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজলন কৰা হয় ৷