তেজপুৰত কাতি বিহু পালন

প্ৰতিকী ফটো
প্ৰতিকী ফটো

তেজপুৰঃ আজি কাতি বিহু। অসমীয়া জাতিৰ সংস্কৃতি সামৰি কাতি বিহু আহি চোতাল পালেহি৷ তুলসী তলত, পথাৰত মাটিৰ চাকিয়ে আজি পোহৰৰ মেলা পাতিব৷ অসমীয়াৰ প্ৰান তিনিবিহুৰ অন্যতম এই কাতি বিহু বা কঙালি বিহুৰ ববে আজি ব্যস্ত হৈ পৰিছে অসমৰ জনজীৱন৷

আহিন মাহৰ দোমাহিৰ দিনা পালন কৰা কাতি বিহু কৃষিজীৱি অসমীয়াই অতি শ্ৰদ্ধা আৰু আদৰেৰে পালন কৰে। পথৰবোৰ সোণগুটিৰে জিলিকি উঠাৰ কামনাত প্ৰতিজন চহা অসমীয়াই পথাৰত চাকি জ্বলায়৷

সমগ্ৰ ৰাজ্যৰ লগতে সাংস্কৃতিক নগৰী তেজপুৰতো কাতি বিহু পালন কৰা দেখা গৈছে৷ কাতি বিহু উপলক্ষে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ চহা ৰাইজৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে৷ পথাৰত মিঠাতেলৰ চাকি জ্বলাই কীট-পতংগৰ পৰা সোণোৱালী পথাৰখন সুৰক্ষিত কৰাৰ বাবে ইতিমধ্যে গাঁও সমূহত প্ৰস্তুতি চলিছে৷

অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ খেতি ভাল হোৱা বুলি কৃষকসকলে অনুভৱ ব্যক্ত কৰে। কাতি বিহু উপলক্ষে তেজপুৰৰ বিভিন্ন প্ৰান্তত মহিলা সকলে পুৱাৰে পৰা নাম-কীৰ্ত্তন কৰা দেখিবলৈ পোৱা গৈছে৷