দীপাৱলী উপলক্ষে ওদালগুৰি প্ৰশাসনৰ নিষেধাজ্ঞা

ওদালগুৰিঃ আগন্তুক কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ছোৱাত ৰাজহুৱা শান্তি-সম্প্ৰীতিত ব্যাঘাত জন্মাৰ আশংকা কৰি আৰু ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ জিলাখনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ ওদালগুৰি জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি নিশা ১০ বজাৰ পৰা পিচদিনা পুৱা ৬ বজালৈ ফটকা ফুটোৱা, চিকিৎসালয়, শিক্ষানুষ্ঠান তথা অন্যান্ন ৰাজহুৱা নিৰৱতা অৱলম্বন কৰিবলগীয়া স্থানত ফটকা ফুটোৱা, ১২৫ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ ফটকা ফুটোৱা ইত্যাদি ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

ইয়াৰোপৰি আটচবাজী, ফটকা বিক্ৰীৰ ক্ষেত্ৰতো কেটবোৰ নিষেধাজ্ঞা জাৰি কৰা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। এই নিষেধাজ্ঞা ১৬ অক্টোবৰৰ পৰা জাৰি কৰা হৈছে আৰু পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব।