সত্যম বৃদ্ধাশ্রমত কাতি বিহু পালন ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ

গৌৰীসাগৰঃ আজি অসমৰ সাংস্কৃতিক জগতত এক সুকীয়া পৰিচয়েৰে উজ্বল ভবিষ্যতৰ দিশে আগবঢ়া মহান সাংস্কৃতিক মঞ্চ ত্রিলোচনন সাংস্কৃতিক মঞ্চৰ জন্ম প্ৰতিষ্ঠা বাৰ্ষিকী৷ উল্লেখ্য যে, ২০১৫ চনৰ ১৮ অক্টোবৰৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল এই সাংস্কৃতিক মঞ্চই৷ বিগত বছৰ সমূহত অসমীয় সংস্কৃতিক জগতত মহাপুৰুষ শংকৰদেৱৰ অনুপম সৃষ্টিৰাজিৰ নাট ভাওঁনাকে আদি কৰি অসমীয়া কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰি আহিছে এই সাংস্কৃতিক মঞ্চই৷

আজি ত্রিলোচন সাংস্কৃতিক মঞ্চৰ দ্বিতীয় জন্ম জয়ন্তী উপলক্ষে মঞ্চৰ কৰ্মকৰ্তাসকলে শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অৱস্থিত সত্যম বৃদ্ধাশ্রমত উপস্থিত হৈ মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন কৰে৷ বৃদ্ধাশ্রমত বাস কৰা ককা-আইতাসকলৰ লগত মত বিনিময় কৰাৰ লগতে গামোছাৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহুটিৰ শুভেচ্ছা জ্ঞাপন কৰে৷ পৰিয়ালৰ পৰা আতৰত থকা বৃদ্ধ ককা আইতা সকলৰ লগত আজি ত্ৰিলোচন মঞ্চৰ কৰ্মকৰ্তা সকলে পিঠা লাৰু খাই বৃদ্ধাশ্ৰমত কাতি বিহু পালন কৰে৷ ত্ৰিলোচন মঞ্চৰ কাতি বিহুৰ দিনা লোৱা এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে৷

 আশ্ৰমত অসমীয়া সুস্বাদ্যু পৰম্পৰাগত তিল পিঠা, তেল পিঠা, শুতুলি পিঠা আৰু দিখৌমুখৰ এঠা ম'হৰ দৈ খুৱাই সকলোৱে সেৱা জনায় ,লগতে ৰাতিলৈ তেওঁলোকস শ'ল মাছেৰে এসাজ ভাত খুৱাবৰ বাবেও সকলো ব্যৱস্হা কৰে ,এনে এটা সাংস্কৃতিক মঞ্চৰ অসমীয়াৰ বাপতি সাহোন বিহুৰ  দিনা লোৱা পদক্ষেপক  সকলোৱে আদৰণি জনাইছে৷