ফহুৰা তলিৰ হাজাৰ হাজাৰ বিঘা নালাগে, দৰং প্ৰশাসনক লাগে থলুৱাৰ ২কঠা

দলংঘাটঃ দৰং জিলা প্ৰশাসনে এটি অসহায় পৰিয়ালক জাননী জাৰি নকৰাকৈ উচ্ছেদ কৰাত জিলা খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দৰং জিলাৰ লক্ষীমপুৰ গাঁও পঞ্চায়তৰ অৰ্ন্তগত লক্ষীমপুৰ গাঁৱৰ চণ্ডী ডেকা নামৰ লোকজনে দীৰ্ঘদিন ধৰি বসবাস কৰি থকা ঠাইৰ পৰা উচ্ছেদ কৰা বুলি জানিব পৰা গৈছে৷ যোৱা কেবাটাও বছৰ ধৰি বসবাস কৰি থকা থলুৱা লোকগৰাকীক কোনো জাননী নিদিয়াকৈ বুধবাৰে প্ৰশাসনে অতৰ্কিতে উচ্ছেদ অভিযান কৰে৷

প্ৰায় ২কঠা মাটিত বাসবাস কৰি আছিল লোকজনে৷ বুধবাৰে এটি মন্দিৰ সমিতিৰ অভিযোগৰ ভিত্তিত উচ্ছেদ কৰে বুলি প্ৰচাৰ হয়৷ বাবা মন্দিৰ ট্ৰাষ্ট সমিতিয়ে দিয়া অভিযোগৰ ভিত্তিত প্ৰশাসনে উচ্ছেদ কৰে৷ যি সময়ত জিলা খনৰ সদৰৰ পৰা কিছু নিলগত ফহুৰা তলিত হাজাৰ হাজাৰ বিঘা মাটি সন্দেহযুক্ত নাগৰিকে দখল কৰি আছে সেই সময়তে এগৰাকী থলুৱা লোকেৰ মাত্ৰ ২কঠা ভূমিত প্ৰশাসনে চকু দিয়াত আচৰিত হৈ পৰিছে দৰঙৰ ৰাইজ৷

দৰং জিলা প্ৰশাসনে হাজাৰ হাজাৰ বিঘা মাটিক গুৰুত্ব আৰোপ নকৰি কিহৰ বাবে ২ কঠা মাটিত চকুত পৰিল নতুবা তৎপৰ হৈ পৰিলে সেয়া চিন্তাৰ বিষয় হৈ পৰিছে৷ ২কঠা মাটিৰ বাবে প্ৰশাসনে উঠিপৰি লগাৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই৷ জানিব পৰা মতে, প্ৰশাসনে কোনো ধৰণৰ আগতীয়া জাননী নিনিয়াকৈয়ে হঠাৎ অভিযান চলাই বুলি জানিবলৈ দিয়ে চণ্ডী ডেকাৰ পৰিয়ালে। যাৰ বাবে আদালতৰ কাষ চাপিব চণ্ডীয়ে৷