ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা আয়োজন

লাহোৱালঃ অহা ৫ নৱেম্বৰ তাৰিখে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সমন্বয় সমাজ, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী পালন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে। উক্ত দিনা পুৱা ৯ বজাৰ পৰা ১১ বছৰ অনুৰ্ধ শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠানটোৰ পাছতে ড০ ভূপেন হাজৰিকাৰ গীতৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ যত ১২ বছৰ উৰ্ধৰ প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰিব পাৰিব। উজনি অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক ক্ৰমে দহ, সাত আৰু পাঁচ হেজাৰ টকাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব।

সন্ধিয়া জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে জনাইছে। কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰসানন্দ গগৈকে ধৰি নিমন্ত্ৰিত বিশিষ্ট অনাতাঁৰ কণ্ঠশিল্পী সকলে গীত আৰু নৃত্য পৰিৱেশন কৰিব৷

প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ বাবে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সুৰেশ হাতীমূৰীয়া, সাধাৰণ সম্পাদিকা মনোৰমা দত্ত বৰগোহাঁইৰ লগত যোগাযোগ কৰাৰ লগতে ৯৪৩৫৫৮০৫৩৬ অথবা ৯৪৩৫৩৩০১৩০ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।